অধিক সময়ত অনলাইনত শিশুৱে অতিবাহিত কৰাৰ ফলত জড়িত হৈছে চাইবাৰ অপৰাধত : এন চি আৰ বিৰ তথ্য

দেশত শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ ঘটনা ৪০০ শতাংশ বৃদ্ধি

sexual crimes against children 6190dd3de5204

ভাৰতত শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ তথ্য পােৰহলৈ আহিছে। নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’ (এন চি আৰ বি)ৰ শেহতীয়া পৰিসংখ্যা অনুসৰি দেশত শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ ঘটনা ৪০০ শতাংশৰাে অধিক বৃদ্ধি পাইছে।

এইসমূহ গােচৰৰ সৰহসংখ্যকে হৈছে যৌন শােষণ বিষয়ক। এন চি আৰ বিৰ পৰিসংখ্যা অনুসৰি শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ ঘটনা দেশৰ পাঁচখন চহৰত সর্বাধিক সংঘটিত হৈ আহিছে।

উত্তৰ প্ৰদেশত ১৭০টা, কর্ণাটকত ১৪৪ টা, মহাৰাষ্ট্ৰত ১৩৭টা, কেৰালাত ১০৭ আৰু ওড়িছাত ৭১টা এই ধৰণৰ অভিযােগ উত্থাপিত হৈছিল। এন চি আৰ বিৰ পৰিসংখ্যাত লগতে প্রকাশ যে ২০২০ বৰ্ষত শিশুৰ বিৰুদ্ধে অনলাইন অপৰাধৰ মুঠ ৮৪২টা অভিযােগ উত্থাপিত হৈছিল আৰু ইয়াৰে ৭৩৮টা গােচৰ শিশুক যৌন শােষণৰ বিষয়ক আছিল।

এন চি আৰ বিৰ ২০২০ পৰিসংখ্যালৈ লক্ষ্য ৰাখিলে ২০১৯ বৰ্ষৰ তুলনাত শিশুৰ বিৰুদ্ধে দেশত সংঘটিত হােৱা চাইবাৰ অপৰাধ ঘটনা ৪০০ শতাংশৰাে অধিক বৃদ্ধি পালে।

প্রতিষ্ঠানটোৰ তথ্য অনুসৰি ২০১৯ বৰ্ষত দেশত শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ ১৬৪টা গােচৰ ৰুজু হৈছিল। আনহাতে, ২০১৮ত শিশুৰ বিৰুদ্ধে ভাৰতত ১১৭টা আৰু ২০১৭ বৰ্ষত ৭৯টা গােচৰ ৰুজু হৈছিল। ‘ক্রাই চাইল্ড ৰাইটছ এণ্ড ইউ’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ মুখ্য কার্যবাহী বিষয়া পূজা মাৰবাহে কয় যে অধ্যয়ন আৰু অন্যান্য যােগাযােগৰ উদ্দেশ্যৰে শিশুক ইণ্টাৰনেট সংযােগ প্রদান কৰা আৰু অধিক সময় অনলাইনত শিশুৱে অতিবাহিত কৰাৰ ফলত চাইবাৰ অপৰাধৰ দৰে ঘটনাৰ স’তে জড়িত হৈছে।

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত দীর্ঘদিন ধৰি দেশত শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ ফলত সম্প্রতি শিশুসকলে অধিক সময় ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ সুযােগ লাভ কৰিছে আৰু ইয়াৰ ফলত একাংশ শিশুৱে অনলাইনৰ জৰিয়তে অশ্লীল তথ্যপাতিৰ আদান-প্রদান কৰাৰ দৰে চাইবাৰ অপৰাধত জড়িত হৈছে বুলিও মাৰবাহে কয়।

Exit mobile version