গোসাঁইগাঁৱত সন্ধানহীন ই-ৰিক্সা চালক, আৰক্ষীৰ মাৰাথান অভিযানত মৃতদেহ উদ্ধাৰ

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমা সদৰ চহৰ সংলগ্ন অক্সিগুৰী গাঁৱৰ আনোৱাৰ হোছেইন (৫০) নামৰ ই-ৰিক্সা চালকজন সন্ধানহীন হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

সূত্ৰ অনুসৰি, ৫০ বছৰৰ ঊৰ্ধ্বৰ লোকজন ১২ নৱেম্বৰৰ পুৱা ই-ৰিক্সা লৈ ঘৰৰ পৰা ওলাই যোৱাৰ পাছত ঘূৰি নাহিল । দেওবাৰে নিশা তেওঁৰ গোসাঁইগাঁও মহকুমাৰ ৰাংগুৱাপাৰাৰ পৰা ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰা হয় ।

ঘটনাৰ লগত জড়িত থকা সন্দেহত জুৱেল বাস্কে, পিটাৰ বাস্কে আৰু মুনশি মুৰ্মুক আটক কৰিছে আৰক্ষীয়ে । জুৱেল বাস্কে হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে ।

Exit mobile version