ইৰানত নিষিদ্ধ হ’ল গর্ভনিৰােধক : মানৱ অধিকাৰ সংগঠনৰ তীব্র বিৰােধিতা

image

ইৰান চৰকাৰে দেশখনত সকলাে ধৰণৰ গর্ভনিৰােধকৰ ব্যৱহাৰ নিষিদ্ধ ঘােষণা কৰিলে। যােৱা পহিলা নৱেম্বৰৰ পৰা ইছলামিক ৰিপাব্লিক অৱ ইৰানত গর্ভনিৰােধক সন্দৰ্ভত এই নতুন আইন প্ৰৱৰ্তন কৰা হৈছিল।

ADVERTISEMENT

এই আইন প্ৰৱৰ্তিত হােৱাৰ পাছত ইৰানৰ পুৰুষ আৰু মহিলাই স্থায়ী আৰু অস্থায়ী গর্ভনিৰােধক পদ্ধতিৰ ব্যৱহাৰ কৰিব নােৱাৰিব।

উল্লেখ্য যে ইৰানত পূর্বৰে পৰা আইনগতভাৱে গর্ভপাত নিষিদ্ধ কৰা হৈছিল। ইৰান চৰকাৰে এইদৰে দেশখনত গর্ভনিৰােধকৰ ব্যৱহাৰ নিষিদ্ধ কৰাত দেশখনৰ একাংশ মহিলা সংগঠনৰ লগতে মানবাধিকাৰ সংগঠনে তীব্র বিৰােধিতা কৰিছে।

মানৱাধিকাৰ সংগঠন হিউমেন ৰাইটছ ৱাটছ-এ প্রতিক্রিয়া প্রকাশ কৰি কয় যে দেশৰ জনসংখ্যা বৃদ্ধিৰ লক্ষ্যৰে ইৰান চৰকাৰে গর্ভনিৰােধক নিষিদ্ধ কৰি যি নতুন আইন প্ৰৱৰ্তন কৰিলে সেয়া মহিলাৰ অধিকাৰৰ বিৰােধী।

এই আইনে ইৰানী মহিলাৰ যৌন আৰু প্রজনন স্বাস্থ্যৰ অধিকাৰ উলংঘন কৰা বুলিও মানবাধিকাৰ সংগঠনটোৱে অভিযােগ উত্থাপন কৰিছে।

Exit mobile version