ওদালগুৰিত সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলী

cop380

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক সক্ৰিয় কৰি তোলাৰ সময়তে আজি ওদালগুৰিত এখন সন্দেহজনক বহনলৈ লক্ষ কৰি আৰক্ষীৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ।

তথ্য অনুসৰি, আজি সন্ধিয়া ওদালগুৰি চহৰৰ কঠালগুৰি চ’কত আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়তে এখন চাৰিচকীয়া বাহন গোলন্দিৰ পৰা ওদালগুৰি চহৰ অভিমুখে আহে । বাহনখনে আৰক্ষীৰ তলাচী চলি থকা প্ৰত্যক্ষ কৰি তালাচীৰ কিছুদূৰ আগতেই বাহনখন ঘূৰাই পলাবলৈ চেষ্টা কৰে । বাহনখন পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে ৰখাৰ নিৰ্দেশ দিয়ে যদিও বাহনখনে আৰক্ষীৰ নিৰ্দেশ নামানি পলোৱাৰ সময়তে বাহনখনৰ চকালৈ লক্ষ্য কৰি আৰক্ষীয়ে এক জাই গুলী চালনা কৰে ।

সন্ধিয়া সংঘটিত হোৱা ঘটনাস্থলিত মানুহৰ চলাচল অধিক থকা হেতুকে আৰক্ষীয়ে সতৰ্কতা অৱলম্বন কৰি গুলী চলোৱাত আৰক্ষীৰ গুলীয়ে বাহনখনত আঘাট কৰিব নোৱাৰিলে । আৰক্ষীৰ হাতৰ পৰা বাহনখন পলাবলৈ সক্ষম হয় যদিও ওদালগুৰি সদৰ আৰক্ষীয়ে বাহনখন পাৰ হৈ যাব পৰা সাম্ভাব্য পথসমূহত নজৰ ৰখাৰ বাবে সমীপৱৰ্তী আৰক্ষী থানা সমূহক সতৰ্ক কৰি দিয়ে। বাহনখনত অবৈধ গাঞ্জা অথবা ড্ৰাগছ সৰবৰাহ কৰাৰ সন্দেহ কৰা হৈছে। বাতৰি লিখা পৰলৈ পলাতক বাহনখনত শুংসূত্ৰ উলিয়াৱলৈ সক্ষম হোৱা নাই আৰক্ষী।

Exit mobile version