গাড়ীত উঠিলেই বমি বমি ভাব ? কি দৰে পাব সকাহ

1637050736 motion sickness 1

বাছত উঠোঁতে বহুলোকৰ ওকালি অহা, মূৰ ঘূৰোৱাৰ দৰে সমস্যা হয় । এই সমস্যাটো বিশেষকৈ দীঘলীয়া ভ্ৰমণৰ ক্ষেত্ৰত অধিক স্পষ্ট হৈ পৰে। ফলস্বৰূপে, বহুতে গাড়ীত দীঘলীয়া ভ্ৰমণ পৰিহাৰ কৰে।

গাড়ীৰে যাত্ৰা কৰোঁতে গতিৰোগৰ ফলত এই স্বাস্থ্য সমস্যাবোৰ হয়। কিন্তু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান উপায়ো আছে। বাছ বা গাড়ীত উঠাৰ আগতে কেইটামান কথা মনত ৰাখিলে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় হয়।

সেইসমূহ কি?

(১) চলন্ত বাছত উঠি কিতাপ পঢ়া বা ম’বাইল টিপিব নালাগে।

(২) যিসকলে এনে সমস্যাত ভুগে তেওঁলোকে সদায় গাড়ীত উঠাৰ সময়ত সন্মুখৰ চিটত বহিবলৈ চেষ্টা কৰিব লাগে। পাছফালে নবহিলে ভাল।

(৩) যদি গাড়ীত বহিলেই বমি বা আন কোনো স্বাস্থ্য সমস্যা হয় তেন্তে বাছৰ খিৰিকী খুলি লওক। বাহিৰৰ ববতাহে আপোনাক সতেজ কৰি ৰাখিব।

(৪) ভ্ৰমণ কৰাৰ সময়ত আজৱাইন, নেমুৰ পাত, পানী লগত ৰাখিব লাগে। এইবোৰে আপোনাক অস্থায়ীভাৱে সকাহ দিব।

(৫) গাড়ীখন যি দিশত চলে সেই ফালে মুখ কৰি বহিব।

(৬) ভ্ৰমণ কৰাৰ আগতে ভৰপেট নোখোৱাই ভাল। পাতল আহাৰ খাই গাড়ীত উঠিব। কিন্তু ভুলটো খালী পেটে গাড়ীত ভ্ৰমণ নকৰিব।

Exit mobile version