বিবাহৰ নিমন্ত্ৰণ খাবলৈ হ’লে পেটপূজাৰ ব্যয় বহন কৰিব লাগিব অতিথিয়ে: বিচিত্ৰ চৰ্ত মাৰ্কিন নৱ দম্পতিৰ

998433 959068 marriage

বিবাহত অতিথিক দৰা-কইনাই বা পৰিয়ালৰ লােকে অভ্যর্থনা কৰে। নানা সুস্বাদু আহাৰ অতিথিক পৰিবেশন কৰা হয়। ভাৰতত বিবাহ বুলিলেই প্রথমে আড়ম্বৰপূৰ্ণ খাদ্য সম্ভাৰক বুজোৱা হয়।

কিন্তু বিয়া খাবলৈ গৈ যদি আপুনি নিজে যদি ধন ব্যয় কৰি খাদ্য খাব লাগে তেন্তে কেনে অনুভৱ হ’ব? এনে পৰিস্থিতিত আপুনি এই বিয়া খাবলৈ যাব নে হয়, অবিশ্বাস যেন লাগিলেও আমেৰিকাৰ এক দম্পতীয়ে এনে এক আজৱ সিদ্ধান্ত গ্রহণ কৰি সম্প্রতি সামাজিক মাধ্যমত যথেষ্ট চর্চা লাভ কৰিছে।

দম্পতীৰ কাণ্ডক লৈ দুভাগত বিভক্ত হৈ সামাজিক মাধ্যম ব্যৱহাৰকাৰী। একাংশই দম্পতীৰ সিদ্ধান্তক প্রশংসা কৰাৰ বিপৰীতে আন একাংশই এনে বিবাহত কেতিয়াও অংশ নলয় বুলি মন্তব্য কৰিছে।

সম্প্রতি ইণ্টাৰনেটত এখন বিবাহৰ নিমন্ত্রণপত্র ভাইৰেল হৈছে। এই নিমন্ত্রণ পত্ৰত আমেৰিকাৰ এহাল দৰা-কইনাই স্পষ্টভাৱে উল্লেখ কৰিছে যে তেওঁলােকৰ বিবাহৰ অভ্যর্থনা অনুষ্ঠানলৈ আহিলে অতিথিয়ে ব্যয় কৰিব লাগিব ৯৯ মার্কিন ডলাৰ অর্থাৎ ভাৰতীয় মুদ্রাত প্রায় ৭,৩০০ টকা।

ইমানতে ক্ষান্ত নাথাকি পাত্র-পাত্ৰীয়ে নিমন্ত্রণ পত্ৰত চৰ্ত আৰােপ কৰি কয় যে বিবাহ অনুষ্ঠানৰ প্ৰৱেশ পথতে আশীর্বাদ জনােৱাৰ বাবে এক সুকীয়া স্থান থাকিব আৰু উক্ত স্থানত অতিথিয়ে নগদ ধন প্ৰদানৰে নৱ দম্পতীক শুভেচ্ছা জনাব লাগিব।

কিন্তু কিয় এইদৰে বিবাহত অতিথিৰ পৰা ৯৯ মার্কিন ডলাৰ দাবী কৰিলে এইহাল পাত্র-পাত্রীয়ে? দম্পতীয়ে উল্লেখ কৰা অনুসৰি, বিবাহৰ পাছত মধুচন্দিকালৈ যাবলৈ তেওঁলােকৰ হাতত প্রয়ােজনীয় ধন নাই আৰু সেয়েহে এইদৰে অতিথিৰ পৰা নগদ ধন দান বিচাৰিছে।

প্রকাশিত বাতৰি অনুসৰি, এই দম্পতীৰ ইতিমধ্যে তিনিটা সন্তান আৰু এটা বাসগৃহও আছে। বিবাহলৈ মাতি অতিথিৰ পৰা ধন দাবী কৰা নিমন্ত্ৰণী পত্ৰত একাংশ লোকে সামাজিক মাধ্যমৰ জৰিয়তে কঠোৰভাৱে সমালােচনা কৰি কয় যে এয়া কেতিয়াও সভ্য আচৰণ নহয়।

এইদৰে নিমন্ত্রণ পত্ৰত ধন দাবী কৰি পাত্র-পাত্রীয়ে প্ৰকৃততে অতিথিক অপমানহে কৰিলে বুলি একাংশ লােকে সামাজিক মাধ্যমত অভিযােগ কৰিছে।

অৱশ্যে আন একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে দম্পতীৰ এই ধৰণৰ সিদ্ধান্তক প্রশংসা কৰি কয় যে যিহেতু উক্ত দম্পতীয়ে ধন ব্যয় কৰি বিবাহৰ অভ্যর্থনা অনুষ্ঠানৰ আয়ােজন কৰিছে, সেয়েহে অতিথিয়ে পেটপূজাৰ বাবে কিছু ধন আদায় দিয়াটো বেয়া কথা নহয়।

অতিথিয়ে নগদ ধন উপহাৰ দিলে বিবাহৰ পাছত সেই দম্পীয়ে সহজে মধুচন্দ্রিকাৰ আনন্দ ল’ব পাৰিব বুলিও উল্লেখ কৰি একাংশ লােকে কয় যে অতিথিসকল যিহেতু সেই দম্পতীৰ শুভাকাংক্ষী সেয়েহে তেওঁলােকে বিবাহত অংশ ললে ৯৯ ডলাৰ নৱ শর্তীক উপহাৰ দিয়া উচিত।

Exit mobile version