সমাজ ব্যৱস্থাক সুশৃংখলিত কৰিবৰ বাবে সংবাদ মাধ্যমৰ গুৰুত্ব অপৰিসীম : মন্ত্ৰী পীযুষ হাজৰীকা

তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন, ৰাজ্যৰ ১২ জনকৈ জ্যেষ্ঠ সংবাদকৰ্মীক সম্বৰ্ধনা

WhatsApp Image 2021 11 16 at 6.00.43 PM

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত দিছপুৰৰ পি ডব্লিউ ডি কনভেনচন চেণ্টাৰত আজি ৰাজ্যিক ভিত্তিত আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত ৰাজ্যখনৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি সংবাদক্ষেত্ৰৰ স’তে জড়িত সকলোলৈকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ।

মন্ত্ৰীগৰাকীয়ে উপস্থিত অতিথি তথা সাংবাদিকসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত কয় যে, ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থা বিশ্ব বন্দিত । ভাৰতৰ স’তে একে সময়তে স্বাধীনতা লাভ কৰা প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানত গণতন্ত্ৰৰ নামত ভেকোভাওনা চলি থকাৰ বিপৰীতে ভাৰতীয় গণতন্ত্ৰ অতি মহান আৰু এক সুকীয়া মাত্ৰা আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় গণতন্ত্ৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।

তেঁও লগতে কয় যে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে জনাজাত সংবাদ মাধ্যমৰ ভূমিকা সমাজ ব্যৱস্থাক সুশৃংখলিত কৰাৰ বাবেও সমানে প্ৰয়োজনীয় । সাংবাদিকতাৰ ক্ষেত্ৰত স্বাধীনতা, নিৰপেক্ষতা আৰু সামাজিক দায়বদ্ধতা অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । “সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সন্তুলন মানি চলাটো প্ৰয়োজনীয়”, এই মন্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাল বেয়া দুয়োটা দিশ সমানে প্ৰচাৰ কৰিলেহে সাংবাদিকতাৰ প্ৰকৃত উদ্দেশ্য সফল হ’ব । এই ক্ষেত্ৰত উদ্দেশ্যপ্ৰণোদিতভাৱে সংবাদসেৱা কৰিলে সাংবাদিকতাৰ মান নিম্ন হয় বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

আনহাতে, একাংশ নিউজ প’ৰ্টেলে বাতৰি পৰিবেশন কৰাৰ ক্ষেত্ৰত কিছু নিয়ন্ত্ৰিত হোৱাৰ প্ৰয়োজন আছে বুলিও অনুভৱ কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী হাজৰিকাই | এই ক্ষেত্ৰত জ্যেষ্ঠ সাংবাদিক সকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি নতুন সংবাদকৰ্মীসকলক উপযুক্ত মাগদৰ্শন দিব পাৰিব বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে |

আজিৰ ৰাজ্যিক ভিত্তিত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসতে মন্ত্ৰী হাজৰীকাই অসমৰ বিভিন্ন প্ৰান্তৰ ১২ জন জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা প্ৰদান কৰে । তেওঁলোক ক্ৰমে পদ্ম পাটৰ, বৈকুণ্ঠ নাথ গোস্বামী, অনিমেষ মজুমদাৰ, ৰমেশ মুণ্ড্ৰা, প্ৰদীপ ঘোষ, সুনিল মোৰে, কুস্মাখাৰ উপাধ্যায়, কনক হাজৰিকা, দিপক কুমাৰ শৰ্মা, জিতেন বৰকটকী, ডালিম ফুকন আৰু অজিত শৰ্মা ।

আনহাতে, আজিৰ অনুস্থানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ অধ্যাপক ড০ চন্দন কুমাৰ শৰ্মাই “বিশ্বাসযোগ্যতা” সংবাদ মাধ্যমৰ বাবে অতি প্ৰয়োজনীয় সম্পদ বুলি উল্লেখ কৰে । ভাষণ প্ৰসংগত তেঁও কয় যে, মানুহৰ মাজত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা নথকাৰ বাবেই উৰাবাতৰিৰ বাবে বিভিন্ন সময়ত বিভ্ৰান্তিৰ সৃষ্টি হয় । অনুস্থানত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰে অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায় ।

তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ সচিব নীৰা গগৈ সোণোৱাল, তথ্য আৰু জনসংযোগৰ সঞ্চালক বিষ্ণু কমল বৰাৰ উপৰিও অনুস্থানটোত ৰাজ্যখনৰ কে’বাগৰাকীও জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকে ।

Exit mobile version