Higher Education : উচ্চশিক্ষাৰ বাবে শ্ৰেষ্ঠ পছন্দ আমেৰিকাই : প্ৰতিবেদন

unnamed

google

উচ্চশিক্ষাৰ বাবে বিশ্ববাসীৰ পছন্দৰ তালিকাত শীর্ষস্থান আছে আমেৰিকা । সম্প্রতি এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে । প্ৰতিবেদনত প্রকাশিত পৰিসংখ্যা অনুযায়ী, ২০২১ত কমেও ৯,১৪,০০০ জন ছাত্র-ছাত্রীয়ে সেই দেশৰ বিভিন্ন শিক্ষাপ্রতিষ্ঠানত স্থান পাইছে । উল্লেখ্য, এই ছাত্র-ছাত্রীসকল বিশ্বৰ নানা প্রান্তৰ পৰা আহিছে । গণনা কৰিলে দুশৰ ঘৰ অতিক্ৰম কৰিব ! অৱশ্যে এই ‘বিদেশী শিক্ষাৰ্থীসকলৰ’ ভিতৰত ২০ শতাংশই ভাৰতীয় । প্ৰতিবেদনত কৈছে, কেৱল ২০২০-২০২১ শিক্ষাবর্ষতে ভাৰতৰ পৰা মুঠ এক লাখ ৬৭ হেজাৰ ৫৮২ জন শিক্ষাৰ্থী আহিছিল আমেৰিকাত ।

‘অ’পেন ড’র্ছ’ নামে সেই প্ৰতিবেদনটোত আৰু কোৱা হৈছে, বিগত বৰ্ষত অতিমাৰীৰ সময়তো আমেৰিকাৰ প্রশাসন আৰু উচ্চশিক্ষা প্রতিষ্ঠানসমূহে ছাত্র-ছাত্রীসকলক কেম্পাছৰ পৰা পঢ়া-শোনা কৰাৰ সুযোগ দিছে । লগতে অনলাইন পাঠদানো চলিছে । শিক্ষা প্রতিষ্ঠানত গৈ ক্লাছ কৰাৰ ক্ষেত্রত বিশেষভাৱে ক’ভিড বিধি অৱলম্বন কৰিছে । কোনো কাৰণতেই শিক্ষাপ্রদান ব্যাহত হোৱা নাই দেশৰ বাহিৰৰ পৰা ভর্তি হোৱা শিক্ষার্থীসকলৰ । প্ৰতিবেদনটোৰ দাবী, অতিমাৰী উপেক্ষা কৰি অন্যান্য বছৰৰ তুলনাত চলিত বৰ্ষত শিক্ষার্থীসকলৰ সংখ্যা বাঢ়িছে । অর্থাৎ, শিক্ষা ক্ষেত্রত যে আমেৰিকাৰ গুৰুত্ব তিল মানো কমা নাই সেয়া ইয়াৰ পৰাই স্পষ্ট ।

ভাৰতৰ আমেৰিকান দূতাবাসত নিযুক্ত কাউন্সেলৰ ফৰ কালচাৰেল এণ্ড এডুকেছনেল এফেয়ার্ছ, এন্টনি মিৰাণ্ডাই জনাইছে, ‘‘ভাৰতীয় শিক্ষাৰ্থীসকলক আমি বিশেষ গুৰুত্ব দিও, কাৰণ অধিকাংশ ক্ষেত্রতেই তেওঁলোকৰ আমেৰিকান ছাত্র-ছাত্রীসকলৰ স’তে সুসম্পৰ্ক দেখা গৈছে, যি আন্তর্জাতিক পর্যায় সম্পর্ক বৃদ্ধিৰ বিষয়ত বিশেষ ভূমিকা পালন কৰে । আমেৰিকাৰ বাবে এইটো গৌৰৱজনক ।’

Exit mobile version