Kartarpur Corridor : বুধবাৰে খুলিব কৰতাৰপুৰ কৰিড’ৰ, জনালে গৃহমন্ত্ৰীৰয়ে

51166846 303

পাকিস্তানৰ দৰবাৰ চাহিব কৰতাৰপুৰ যোৱা পথ কৰতাৰপুৰ কৰিড’ৰ খুলি দিয়া হ’ব বুধবাৰে । গুৰু নানকৰ জন্মদিনৰ দুদিন আগতে এই পথ খুলি দিয়া হৈছে দর্শনার্থীসকলৰ বাবে । গৃহমন্ত্রী অমিত শ্বাহে টুইট কৰি জনাইছে এই সিদ্ধান্তত উপকৃত হ’ব বহু শিখ তীর্থযাত্রী । ইয়াৰ আগতে কেন্দ্রীয় চৰকাৰে পাকিস্তানক এই ৪.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিড’ৰ এবছৰৰো অধিক সময় বন্ধ ৰখাৰ বাবে দোষাৰোপ কৰিছিল ।

বহু শিখ নেতা যেনে পাঞ্জাৱৰ মুখ্যমন্ত্রী চৰণজিত সিং চান্নি, পূৰ্বৰ মুখ্যমন্ত্রী অমৰিন্দৰ সিং, কংগ্রেছ নেতা নভজ্যোত সিং সিধু‌ই কেন্দ্রীয় চৰকাৰক গুৰু পৰ্বৰ আগতে এই কৰিড’ৰ নতুনকৈ খুলি দিয়াৰ আবেদন জনায় ।

ইয়াৰ আগতে অমৰিন্দৰ আৰু সিধু দুয়োজনেই টুইট কৰি এই দাবী জনাইছিল। অমৰিন্দৰে টুইটত লিখে, “ম‌ই প্রধানমন্ত্রী নৰেন্দ্র মোদীক ১৯ নৱেম্বৰ, গুৰু নানকৰ জন্মবার্ষিকীৰ আগতে কৰতাৰপুৰ কৰিড’ৰ খুলি দিয়াৰ বাবে অনুৰোধ কৰিছো, যাতে দৰ্শনাৰ্থীসকলে এই পৱিত্র অনুষ্ঠানত পৱিত্র মন্দিৰত প্রণাম কৰিব পাৰে ।” তেওঁ টুইটত লিখে, তেওঁ ভাৰত চৰকাৰক কৰতাৰপুৰ কৰিড’ৰ পুনৰ আৰম্ভ কৰাৰ বাবে আৰু শ্রী গুৰু নানকৰ গুৰু পৰ্বত তিনি কৃষি আইন বাতিল কৰাৰ বাবে অনুৰোধ কৰিছে ।

কৰতাৰপুৰ কৰিড’ৰক ২০২০ৰ মার্চত বন্ধ কৰি দিয়া হয় । ২৭ জুনত পাকিস্তানে প্রথমবাৰ এই কৰিড’ৰ পুনৰ খুলি দিয়াৰ ইচ্ছা প্রকাশ কৰে । ইছলামাবাদে নৱেম্বৰৰ তিনি তাৰিখে কৰিড’ৰ খুলিব বুলি জনাইছিল ।

৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিড’ৰে পঞ্জাৱৰ গুৰদাসপুৰৰ ডেৰা বাবা নানকৰ স’তে পাকিস্তানৰ কৰতাৰপুৰৰ দৰবাৰ চাহিবৰ সংযোগ ঘটায় । এই কৰতাৰপুৰতেই গুৰু নানকে তেওঁৰ জীৱনৰ শেষ ১৮ বছৰ অতিবাহিত কৰিছিল ।

Exit mobile version