ছহিদৰ গৃহত মুখ্যমন্ত্ৰী : ৫০ লাখৰ চেক প্ৰদান, সুমনৰ নামত নিৰ্মিত হ’ব পথ, গ্ৰাম্য ষ্টেডিয়াম

মণিপুৰত উগ্ৰপন্থীৰ বৰ্বৰ আক্ৰমণত ছহিদ হোৱা সুমন স্বৰ্গীয়াৰীৰ গৃহত আজি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা । বৰমাৰ ওচৰৰ কাহিবাৰীত ছহিদৰ ঘৰত পদাৰ্পন কৰি মুখ্যমন্ত্ৰীয়ে ছহিদগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰে ঘোষণা কৰা অনুসৰি ছহিদৰ পত্নী জুৰি স্বৰ্গীয়াৰীৰ হাতত ৫০ লাখ টকাৰ চেক প্ৰদান কৰে ।

ছহিদ সুমনৰ তিনি বছৰীয়া পুত্ৰ বৰাট স্বৰ্গীয়াৰীক কোলাত তুলি আবেগ বিহ্বল হৈ পৰে মুখ্যমন্ত্ৰী । তেওঁ ছহিদৰ স’তে অসম চৰকাৰ সদায় থাকিব বুলি দোহাৰি মণিপুৰত নিহত আটাইকেইজন জোৱানৰ পৱিত্ৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে ছহিদ সুমন স্বৰ্গীয়াৰীৰ নামত ছহিদৰ ঘৰলৈ অহা পথটো নিৰ্মাণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে । তদুপৰি সুমন স্বৰ্গীয়াৰীয়ে পঢ়া বিদ্যালয়খনত থকা খেলপথাৰত মিনি ষ্টেডিয়াম বনাই দিয়াৰো আশ্বাস প্ৰদান কৰে ।

আনফালে, জুৰি স্বৰ্গীয়াৰীয়ে বিচৰা সংস্থাপন সন্দৰ্ভত বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ স’তে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ সেনা বাহিনীৰ ওপৰত আক্ৰমণ চলোৱা মণিপুৰৰ উগ্ৰপন্থীৰ ওপৰত তীব্ৰ অভিযান চলোৱা হ’ব বুলিও জানিব দিয়ে ।

সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে আলফাৰ একপক্ষীয় যুদ্ধ বিৰতিৰ সময় বৃদ্ধি কৰাটো ইতিবাচক দিশ বুলি কয় । সমান্তৰালভাৱে এনে বাৰ্তাই শান্তি আলোচনাৰ পথ প্ৰশস্ত কৰিব বুলিয়ো কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীৰ স’তে কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম, স্থানীয় বিধায়ক ভূপেন বড়ো, বিধায়ক লৰেঞ্চ ইচলাৰী, জিৰন বসুমতাৰী, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাকে আদি কৰি প্ৰশাসনৰ লোক উপস্থিত থাকে।

আনফালে, ছহিদ সুমন স্বৰ্গীয়াৰীৰ ঘৰত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে জম্মু কাশ্মীৰৰ অনন্তনাগত উগ্ৰপন্থীৰে সংঘৰ্ষত নিহত নলবাৰী জিলাৰ দহকাউনীয়া গাঁৱৰ নিৰোদ শৰ্মাৰ পত্নী গীতুমনি শৰ্মাই । তেওঁ তেওঁৰ সমস্যা সমাধান সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনাত মিলিত হয় ।

Exit mobile version