দৰঙত ন-খোৱা, কাতিমহীয়া বন্তি নিৰ্বাপন উৎসৱ পূৰ্ণগতিত

বাৰিষাৰ হাড় ভঙা পৰিশ্ৰমৰ অন্তত গৃহস্থৰ ঘৰলৈ সোণগুটিৰ আগমণৰ লগে-লগে দৰং জিলাৰ সৰ্বত্ৰে ন-খোৱা উৎসৱৰ আয়োজন চলিছে ৷ সমান্তৰালভাৱে এমাহে গাঁৱৰ মন্দিৰে মন্দিৰে পুথিপাঠৰ অন্তত কাতিমহীয়া বন্তি নিৰ্বাপন উৎসৱো আৰম্ভ হৈছে ৷ তাৰে ভিতৰত মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত মহিমামণ্ডিত ধৌৱাপাৰা ভিতৰপুখুৰী বিঞ্চুমন্দিৰত ৰাজহুৱাভাৱে এই দুয়োটা উৎসৱ অহা ২০ আৰু ২১ নৱেম্বৰত আয়োজন কৰা হৈছে ৷

মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি বীৰেশ্বৰ ডেকাই জনোৱা মতে প্ৰথম দিনা মহিলাৰ নাম প্ৰসংগ, অন্তৰ্গত আলাপ আৰু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা অনুস্থান অনুস্থিত হব ৷ দ্বিতীয় দিনা পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, গছপুলি ৰোপন, নৈবদ্য পঞ্জীয়নৰ পাছত ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰিব জীৱন বীমা নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ব্ৰজেশ্বৰ ডেকাই ৷ দুপৰীয়া ভোগ বিতৰণ আৰু নৱান্ন গ্ৰহণ কাৰ্যসূচীৰ পাছত সন্ধিয়া মহিলাৰ পাল নাম প্ৰদৰ্শন উদ্বোধন কৰিব ছিপাঝাৰ জনতা মহাবিদ্যালয়ৰ অধ্যক্ষ হৰেন ডেকাই ৷

ইপিনে, ডাউকাপাৰাত অহা ২৬ নৱেম্বৰত ৩৪তম ন-খোৱা উৎসৱৰ স’তে সংগতি ৰাখি ভাগৱত শোভাযাত্ৰা, ” জাতীয় লোককৃষ্টিবোৰে এটা জাতিৰ ভেটি নিৰ্মাণ কৰে” শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা সভা অনুষ্ঠিত হ’ব ৷ বিয়লি মহাপ্ৰসাদ বিতৰণ আৰম্ভ হ’ব ৷

একেদৰে, কেওটপাৰা, হোদাপাৰা, লখনাঝাৰ আদি গাঁৱত নখোৱাৰ আয়োজন চলাৰ লগতে মঙলদৈ চহৰতো কাতিমহীয়া নাম-প্ৰসংগ অব্যাহত আছে ৷ আনহাতে, জিলাখনৰ প্ৰায় সকলো পৰিয়ালে ব্যক্তিগতভাৱে নতুবা সমূহীয়াকৈ মিলি ন-ভাত খোৱাৰ বাবে প্ৰস্তুতি চলাইছে ৷ একাংশই চয়াবিন আৰু শাক-পাচলিৰে নিৰামিষ ন-খোৱাৰ বিপৰীতে আনসকলে পুখুৰীৰ মাছ, বুঢ়াকোমোৰাৰ স’তে নোদোকা হাঁহৰ মাংসৰ ব্যঞ্জনেৰে ন-ভাত উদৰস্থ কৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে ৷

Exit mobile version