পাঁচ দশকৰ পাছত ৰাষ্ট্ৰীয় পতাকাৰ ৰং সলনি কৰিলে ফ্রান্সৰ ৰাষ্ট্ৰপতিয়ে

000 9QZ6MH 1

পাঁচ দশকৰ পাছত সলনি হ’ল ফ্রান্সৰ পতাকাৰ ৰং। ফৰাচী চৰকাৰী বিষয়াই স্থানীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি দেশখনৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্র’ৱে ত্রিবর্ণ পতাকাৰ ঘন নীলা ৰং সলনি কৰি ঘন নেভীব্লু ৰঙলৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে।

যােৱা বছৰতে ৰাষ্ট্ৰপতিৰ প্রাসাদত নতুন ৰঙৰ জাতীয় পতাকা উত্তোলন কৰা হৈছিল যদিও কোনেও এই দিশলৈ লক্ষ্য কৰা নাছিল। ফৰাচী চৰকাৰৰ সূত্ৰৰ খবৰ অনুসৰি, ফৰাচী বিপ্লৱৰ প্রতীক ‘নেভীব্লু ৰং হােৱা হেতুকে ৰাষ্ট্রপতি মেক্র’ৱে দেশখনৰ পতাকাত এই ৰং অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছিল।

১৯৭৬ বর্ষলৈকে ফ্ৰান্সৰ জাতীয় পতাকাত নেভীব্লু’ ৰং ব্যৱহাৰ কৰা হৈছিল যদিও ইয়াৰ পাছতে তদানীন্তন ৰাষ্ট্রপতি জিচার্ড ডেএষ্টেঙে পতাকাৰ ৰং ইউৰােপীয় ইউনিয়নৰ পতাকাৰ স’তে সামঞ্জস্য ৰাখি ঘন নীলা ৰঙলৈ সলনি কৰিছিল।

Exit mobile version