পাকিস্তানৰ কাৰাগাৰত ভাৰতীয় মাছমৰীয়াক দিছিল প্রতিষেধক, খােৱাইছিল চিকেন বিৰিয়ানি

55832be82abfd

চাৰি বছৰ ধৰি পাকিস্তানৰ কৰাচীৰ লাণ্ডি কাৰাগাৰত বন্দী হৈ থকা ২০ জন ভাৰতীয় মাছমৰীয়া সুকলমে স্বদেশলৈ উভতি আহিল। অলপতে পাকিস্তানে ভাৰতৰ ২০ জন মাছমৰীয়াক দেশখনৰ কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ কথা ঘােষণা কৰিছিল।

স্বদেশলৈ উভতি অহা এই মাছমৰীয়াকেইজনে প্রকাশ কৰা অনুসৰি, পাকিস্তানৰ কাৰাগাৰত তেওঁলােকক দুর্ব্যৱহাৰ কৰা হােৱা নাছিল আৰু আন বন্দীৰ দৰে প্ৰয়ােজনীয় সা-সুবিধা প্রদান কৰিছিল।

বন্দীকেইজনক নিৰামিষ আৰু আমিষ উভয় খাদ্য পৰিবেশন কৰা হৈছিল। আনকি কাৰাগাৰত থকাৰ সময়ত ২০ ভাৰতীয় মাছমৰীয়াক চিকেন বিৰিয়ানি খাবলৈও দিছিল।

তদুপৰি আটাইকেইজন বন্দীক কৰ’নাৰ প্রতিষেধক প্রশাসনে নির্দিষ্ট সময়ত প্ৰদান কৰিছিল। উল্লেখ্য যে ২০১৮ৰ দুই ফেব্ৰুৱাৰীত সাগৰত মাছ মাৰি থকাৰ সময়ত ভাৰতীয় ২০ জন মাছমৰীয়াক পাকিস্তান নৌবাহিনীয়ে গ্রেপ্তাৰ কৰিছিল।

Exit mobile version