বিশ্বৰ এক নম্বৰ ধনী দেশত পৰিণত চীন

বিশ্বৰ ১০ শতাংশ বিত্তশালী লোকেই দুই-তৃতীয়াংশ সম্পদৰ অধিকাৰ

বিশ্বৰ ভিতৰতে ধনাঢ্য দেশত পৰিগণিত হ’ল চীন। শেহতীয়াভাৱে ভাৰতৰ বাবে প্রতিনিয়ত ভাবুকি কঢ়িয়াই অনা চুবুৰীয়া চীনে মার্কিন যুক্তৰাষ্ট্রৰ কৰা দীর্ঘদিনীয়া খিতাপ আজুৰি আনিবলৈ সক্ষম হৈছে।

শেহতীয়া এক সমীক্ষাৰ তথ্য অনুসৰি বিগত দুটা দশকত বিশ্ব সম্পদৰ পৰিমাণ তিনিগুণে বৃদ্ধি পাইছে। ইয়াৰ কাৰণ হৈছে চীনৰ বর্ধিত অর্থনীতি। এই প্রতিবেদন অনুসৰি চীনে এতিয়া নেতৃত্ব লৈ আমেৰিকাক চেৰ পেলাই বিশ্বৰ শীর্ষস্থান দখল কৰিছে।

মেককিনছেই এণ্ড কোম্পানী নামৰ এটা আন্তর্জাতিক সংস্থাৰ শেহতীয়া অধ্যয়নত এইসমূহ তথ্য প্রকাশ পাইছে। বিশ্ব অর্থনীতিলৈ ৬০ শতাংশৰ অধিক অৱদান আগবঢ়োৱা ১০খন দেশৰ আয়-ব্যয়ৰ খতিয়ান পৰীক্ষা কৰি তথ্য সদৰী কৰিছে।

সংস্থাটোৱে জুৰিখৰ মেককিনছেই গ্ল’বেল ইনষ্টিটিউটৰ এজন অংশীদাৰ জেন মিচকেই কয়, আমি (বিশ্ব) এতিয়া সৰ্বকালৰে সম্পদশালী হৈছে। এই নতুন অধ্যয়ন অনুসৰি ২০২০ৰ বিশ্ব সম্পদৰ পৰিমাণ আছিল ৫১৪ ট্রিলিয়ন মার্কিন ডলাৰ।

অথচ ২০০০ বৰ্ষত এই সম্পদৰ পৰিমাণ আছিল ১৫৬ ত্রিনিয়ন ডলাৰ। ২০ বছৰত এই বৃদ্ধি প্রায় এক তৃতীয়াংশ অংশীদাৰ হৈছে চীন। সুতীব্র গতিৰে বৃদ্ধি পাইছে চীনত সম্পদৰ পৰিমাণ।

২০০০ত ৰাষ্ট্ৰখনৰ সম্পদৰ পৰিমাণ আছিল মাত্র সাত ত্রিলিয়ন ডলাৰ। অথচ ২০২০ত এই পৰিমাণ হয় গৈ ১২০ ট্রিলিয়ন ডলাৰ। বিশ্ব বাণিজ্য সংস্থা যােগদান কৰাৰ পূৰ্বৱর্তী বর্ষটোত চীনৰ সম্পদৰ ঢৌৱে বানৰ সৃষ্টি কৰে।

ইপিনে, এই দশক দুটাত আমেৰিকাৰ সম্পত্তি মূল্য বহুগুণে বৃদ্ধি পাইছে। দুটা দশকত সামগ্রিকভাৱে দুগুণতকৈ বৃদ্ধি পাইছে সম্পত্তিৰ মূল্য। সমীক্ষাৰ মতে এয়া পৰিমাণ হ’ব ৯০ ত্রিলিয়ন মার্কিন ডলাৰ।

বিশ্বৰ বৃহত্তম অর্থনীতিৰ দুয়ােখন দেশতে অৱশ্যে ছবিখন একেই।কিয়নাে এই সম্পদৰ দুই তৃতীয়াংশৰ অধিকাৰী দেশ দুখনৰ ১০ শতাংশ বিত্তশালী লােক। তাতােকৈ তাৎপর্যপূর্ণ যে দেশ দুখনত এই বিত্তশালী চামৰ অংশ দিনক দিনে বৃদ্ধি পাইছে।

মেককিনছেইৰ সমীক্ষাৰ তথ্য অনুসৰি বিশ্বৰ মুঠ সম্পদৰ ৬৮ শতাংশই কুক্ষিগত হৈছে নির্মাণ খণ্ডত।আন্তঃগাঁথনি,যন্ত্রপাতি, সা-সুজলি আদিতে হৈছে সর্বাধিক লেনদেন।

তদুপৰি বৌদ্ধিক সম্পদ আৰু পেটেণ্টৰ দৰে বিষয়সমূহ ইয়াৰ সামান্য অংশীদাৰ। মন কৰিবলগীয়া যে বিশ্ব সম্পদৰ হিচাপ-নিকাচত বিত্তীয় সম্পত্তি গণনা কৰা নহয়।

আনহাতে, বিগত দুটা দশকত বিশ্ব সম্পদৰ পৰিমাণ বৃদ্ধিৰ লগে লগে বিশ্ব মুঠ ঘৰুৱা উৎপাদনে বাঢ়িছে। সুতৰ হাৰ আৰু সম্পত্তিৰ মূল্য আকাশলংক্ষী বৃদ্ধিয়ে ইয়াত ইন্ধন যােগাইছে বুলি কয় মেককিনছেইয়ে।

প্রতিবেদনত উল্লেখ কৰা মতে আয়ৰ স’তে সম্পর্কিত দীর্ঘদিনীয়া গড় হিচাপতকৈ প্রায় ৫০ শতাংশ অধিক এই সম্পদৰ মূল্য। ফলত সম্পদৰ এই বিস্ফোৰণ কিমানদিন বাহাল থাকিব তাকে লৈ প্রশ্ন হৈছে।

নির্মাণ খণ্ডৰ মূল্য আকাশলংঘী হােৱাৰ ফলত বহুজনৰ বাবে ইয়াৰ ব্যয় বহন কৰাটো অসাধ্য হ’ব আৰু ফলত বিত্তীয় সংকট বৃদ্ধিৰ আশংকা একে সময়তে প্ৰকট হৈছে। ২০০৮ত আমেৰিকাত এনে পৰিৱেশৰ সৃষ্টি হৈছিল।

চীনেও একে ধৰণৰ বিপদৰ সন্মুখীন হ’ব পাৰে বুলি প্রতিবেদনত কোৱা হৈছে। চাইনা এভাৰেগ্ৰেণ্ড গ্রুপৰ দৰে নিৰ্মাণগােষ্ঠীৰ ঋণৰ বাবে ৰাষ্ট্ৰখন বিপদত পৰিব পাৰে বুলিও আশংকা কৰা হৈছে।

কোৱা হৈছে যে বিশ্ব সম্পদত অধিক উৎপাদনশীল বিনিয়ােগৰ দ্বাৰা এই ক্ষেত্ৰত সমাধান হ’ব পাৰে। ইয়াৰ দ্বাৰাই বিশ্বৰ জিডিপিৰ প্ৰসাৰ হ’ব। ভয়াৱহ কথাটো হ’ল যে সম্পত্তিৰ মূল্যৰ পতনে বিশ্ব সম্পদৰ এক তৃতীয়াংশ বিনাশ কৰিব পাৰে।

Exit mobile version