বোকাজানত ১২ কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ, আটক দুই সৰবৰাহকাৰী

বোকাজান মহকুমা আৰক্ষীৰ এক বিশেষ অভিযানত বোকাজান থানাৰ অন্তৰ্গত মাটিপুলত এক কেজি ৭৭৭ গ্ৰাম ওজনৰ হেৰইন জব্দ হোৱাৰ লগতে আটক হয় দুই সৰৱৰাহকাৰী ৷

আটকাধীন দুই সৰৱৰাহকাৰী হ’ল ক্ৰমে বোকাজান ঘৰিয়ালডুবিৰ বিমল টচা আৰু মৈৰাবাৰীৰ ছাদ্দাম হুচেইন ৷আৰক্ষীৰ সুত্ৰ অনুসৰি এক গোপন সুত্ৰৰ ভিত্তিত নিশা আৰক্ষীয়ে মাটিপুল অঞ্চলত এক নাকা তালাচী চলায় ৷

সেই তালাচী চলি থকাৰ মাজতেই ৰাতি ন বাজি ৩০মিনিটত এ.এছ.০৯ এইচ ৪২৩৪ নম্বৰৰ এখন স্কুটিত অহা দুজন লোকৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৫০ টা চাবোনৰ বাকচত সোমোৱাই অনা উক্ত বৃহৎ পৰিমাণৰ হেৰইন ,যাৰ আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য বাৰ কোটি টকা ৷

ইপিনে সৰৱৰাহকাৰী দুজনক আটক কৰি থানালৈ আনি থকাৰ মাজতেই ছাদ্দাম হুচেইন নামৰ সৰৱৰাহকাৰীজনে আৰক্ষীক ঠেলি গাড়ীৰ পৰা জাপ মাৰি পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে তেওঁৰ ভৰিলৈ লক্ষ্য কৰি দুই ৰাউণ্ড গুলী চলায় ৷

আঘাতপ্ৰাপ্ত ছাদ্দাম হুচেইনক বোকাজান সামুহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় ৷ বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান আৰক্ষী,খটখটী আৰক্ষীৰ সহযোগত এই অভিযান চলাৰ লগতে মাটিপুল গাওঁৰক্ষী বাহিনীয়ে এই অভিযানত প্ৰত্যক্ষ সহযোগিতা আগবঢ়ায় ৷

আৰক্ষীয়ে জনোৱা মতে হেৰইনখিনি সৰৱৰাহকাৰী কেইজনে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ নাওঘাটত কোনো লোকক দিবলৈ নি আছিল আৰু খটখটেআৰক্ষীৰ তালাচীৰ পৰা হাত সাৰিবলৈ ট্ৰেইন লাইন পাৰ হৈ মাটিপুল পথেৰে সৰৱৰাহ কৰিছিল ড্ৰাগছ ৷

Exit mobile version