উৎকৰ্ষতাৰ কেন্দ্ৰ : গুৱাহাটী আয়ুৰ্বেদিক মহাবিদ্যালয় পৰিদৰ্শন কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ৰ বিশেষজ্ঞ দলৰ, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰে আলোচনা

WhatsApp Image 2021 11 18 at 8.15.01 PM 2

গুৱাহাটী আয়ুৰ্বেদিক মহাবিদ্যালয়ক উৎকৰ্ষতাৰ কেন্দ্ৰ (চেণ্টাৰ অৱ এক্সেলেন্স) ৰূপে উন্নীতকৰণেৰে দেশৰ আগশাৰীৰ আয়ুৰ্বেদিক চিকিৎসা শিক্ষানুষ্ঠান হিচাপে গঢ়িবলৈ অসম চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱৰ আধাৰত কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ে লোৱা সিদ্ধান্ত কাৰ্যৰূপায়ণৰ বাবে প্ৰয়োজনীয় পৰিকল্পনা আৰু প্ৰাককলন প্ৰস্তুতিৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে । এই বিষয়ত সহযোগিতা তথা কাৰিকৰী পৰামৰ্শ আগবঢ়াবলৈ কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ৰ উপদেষ্টা (আয়ুৰ্বেদ) ড০ মনোজ নেছাৰীৰ নেতৃত্বত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ে প্ৰেৰণ কৰা এটা বিশেষজ্ঞ দলে আজি জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় পৰিদৰ্শন কৰে ।

পৰিদৰ্শনকাৰী কেন্দ্ৰীয় দলটোৰ আন চাৰিগৰাকী সদস্য হৈছে কলকতাৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক ঔষধ উন্নয়ন গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ পি ভি প্ৰসাদ, আইআইটি গুৱাহাটীৰ গৱেষণা আৰু বিকাশ শাখাৰ ডীন অধ্যাপক বিমল কাটিয়াৰ আৰু গুৱাহাটীস্থিত কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ সহকাৰী সঞ্চালক ড০ তাপসী বৰুৱা । আয়ুষ মন্ত্ৰণালয়ক প্ৰতিনিধিত্বকাৰী দলটোৱে ৰাজ্যিক আয়ুষ মিছন, অসমৰ সঞ্চালক ডাঃ এছ লক্ষ্মনন আৰু আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমাকান্ত শৰ্মাৰ স’তে মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগ, চিকিৎসালয়কে ধৰি সমগ্ৰ চৌহদ পৰিদৰ্শন কৰি উৎকৰ্ষতাৰ কেন্দ্ৰ প্ৰকল্পৰ কাৰ্যৰূপায়ণৰে জড়িত কাৰিকৰী দিশসমূহৰ চৰজমীন অধ্যয়ন কৰে ।

এই পৰিদৰ্শনৰ অন্তত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ সভাকক্ষত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে ৰাজ্যিক আয়ুষ মিছনৰ সঞ্চালক ডাঃ লক্ষ্মনন আৰু মহাবিদ্যালয় কৰ্তৃপক্ষৰ স’তে উৎকৰ্ষতাৰ কেন্দ্ৰ প্ৰকল্পৰ খৰতকীয়া কাৰ্যৰূপায়ণ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰেৰিত বিশেষজ্ঞ দলে । আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমাকান্ত শৰ্মাৰ লগতে কেন্দ্ৰীয় দলটোক প্ৰতিনিধিত্ব কৰা আন চাৰিগৰাকী সদস্যয়ো অংশগ্ৰহণ কৰা এই আলোচনাত আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়খনত বিশ্বমানৰ পঞ্চকৰ্মা চিকিৎসালয়ৰ নিৰ্মাণ আৰু নতুনকৈ আয়ুৰ্বেদিক ঔষধৰ ফাৰ্মাচী তথা উৎপাদন কেন্দ্ৰ প্ৰতিষ্ঠাকে ধৰি মহাবিদ্যালয়খনক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীতকৰণ প্ৰকল্পৰ গুৰুত্বপূৰ্ণ দিশসমূহকলৈ বিষদভাৱে চৰ্চা কৰা হয় ।

বিদেশী পৰ্যটককো পঞ্চকৰ্ম তথা আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণৰ বাবে আহিবলৈ আগ্ৰহী কৰিব পৰাকৈ উপযুক্ত তথা আকৰ্ষণীয় আন্তঃগাঁঠনি নিৰ্মাণৰ বিষয়ত স্বাস্থ্যমন্ত্ৰী মহন্ত আৰু কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ৰ উপদেষ্টা (আয়ুৰ্বেদ) ড০ নেছাৰীয়ে আলোচনাত বিশেষ জোৰ দিয়ে । এই ক্ষেত্ৰত প্ৰয়োজনীয় কাৰিকৰী দিহা-পৰামৰ্শ আগবঢ়াই গুৱাহাটী চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীতকৰণ প্ৰকল্পৰ কাৰ্যৰূপায়ণ প্ৰক্ৰিয়াক এক সুনিৰ্দিষ্ট ৰূপ দিয়াত বিশেষ ভাৱে সহায় আগবঢ়াবলৈ ড০ নেছাৰীক স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অনুৰোধ জনায় ।

উৎকৰ্ষতাৰ কেন্দ্ৰ প্ৰকল্পৰ অধীনত আয়ুৰ্বেদিক মহাবিদ্যালয়খনত নিৰ্মাণ হ’ব লগা পঞ্চকৰ্ম চিকিৎসালয় আৰু নতুন আয়ুৰ্বেদিক ঔষধালয় তথা ঔষধ উৎপাদন কেন্দ্ৰক বিশ্বমানৰ কৰি তুলিব পৰাকৈ উপযুক্ত পৰিকল্পনা আৰু প্ৰাককলন প্ৰস্তুতকৰণৰ ক্ষেত্ৰত কাৰিকৰী পৰামৰ্শ প্ৰদানেৰে বিশেষ ভূমিকা গ্ৰহণৰ বাবে জনোৱা অনুৰোধৰ প্ৰতি সন্মতি জনায় কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ৰ উপদেষ্টাগৰাকীয়ে ।

উল্লেখ্য যে, ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী মহন্তই অলপতে দিল্লীত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক চিকিৎসালয়ক উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীতকৰণ প্ৰকল্পৰ পৰিকল্পনা তথা প্ৰাককলন প্ৰস্তুতিৰ ক্ষেত্ৰত কাৰিকৰী দিশসমূহৰ বিষয়ে আগতীয়া পৰামৰ্শ প্ৰদান কৰিবলৈ এটা কেন্দ্ৰীয় বিশেষজ্ঞ দল প্ৰেৰণৰ বাবে অনুৰোধ জনাইছিল। এই অনুৰোধ ৰক্ষা কৰি ভাৰত চৰকাৰৰ আয়ুৰ্বেদ উপদেষ্টা ড০ নেছাৰীৰ নেতৃত্বত কেন্দ্ৰীয় বিশেষজ্ঞ দলটো প্ৰেৰণ কৰাৰ বাবে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সোণোৱালৰ প্ৰতি কৃতজ্ঞতা জনায় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

Exit mobile version