বিবাহৰ বিৰোধিতা কৰি কিয় কৰালে মালালাই ?উত্তৰ দিলে নিজেই

ANI 20211110020 0 1636561779654 1636561863730

যােৱা সপ্তাহত বিবাহ সম্পন্ন হ’ল শান্তিৰ ন’বেল জয়ী মালালা ইউছুফজাই। পাকিস্তানী কন্যাৰ স’তে বিবাহ সম্পন্ন কৰিলে পাকিস্তান ক্রিকেট ব’র্ডৰ সদস্য অচৰ মালিকে।

নিজেই সামাজিক মাধ্যমত এই বিবাহৰ কথা মালালাই প্রকাশ কৰিছিল। কিন্তু পূর্বে মালালাই বিবাহৰ প্ৰয়ােজনীয়তাৰ সন্দৰ্ভত উত্থাপন কৰা এক প্রশ্নক লৈ শেহতীয়াভাৱে পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে।

কে’বামাহ পূর্বে মালালাই ‘ভ’গ’ আলােচনীৰ এক সাক্ষাৎকাৰত বিবাহৰ প্রয়ােজনীয়তাৰ প্রসংগত এইদৰে কৈছিল, ‘এটা কথা মই বুজি নাপাও কিয় সকলােৱে বিবাহ কৰায়।

জীৱন সংগীক নির্বাচন কৰিবলৈ হ’লে কাগজত চহী কৰাৰ কি দৰকাৰ? পুৰুষ-মহিলাই নিজৰ ইচ্ছাত একেলগে বাস কৰিব পাৰে।’ মালালাৰ এই মন্তব্যই সেই সময়ত যথেষ্ট বিতর্ক সৃষ্টি কৰিছিল।

যােৱা জুনত মালালাই বিবাহৰ বিৰােধিতাৰে এই মন্তব্য প্রকাশ কৰিছিল আৰু নৱেম্বৰত তেওঁ নিজে আনুষ্ঠানিকভাৱে মালিকৰ স’তে বিবাহ সম্পন্ন কৰিলে। কিন্তু কিয় বিবাহ বিৰােধী মালালাই বিয়া কৰালে?

এই প্রশ্নৰ উত্তৰ দি মালালাই ‘বি বি চি’ৰ আগত কয়, ‘মই উক্ত মন্তব্য সমগ্র বিশ্বৰ অসংখ্য মহিলাৰ হৈ উদ্বিগ্নতাৰে কৈছিলাে। বিশ্বজুৰি নাবালিকাৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ অসংখ্য খবৰ লাভ কৰি মই উক্ত মন্তব্য প্রকাশ কৰিছিলাে।

অৱশ্যে মই ভাগ্যৱান যে মই এনে এজন ব্যক্তিক জীৱন সংগী হিচাপে লাভ কৰিলাে যিজন ব্যক্তিয়ে মােৰ সকলাে মতামতক গুৰুত্ব দিয়ে।’

Exit mobile version