শীতকালত কম পানী খায় নেকি ? কি হ’ব পাৰে?

1637157063 new project 2021 11 17t191925 582

(১) পানী কম খালে শৰীৰৰ ভিতৰৰ আৰ্দ্ৰতা ভাব নাথাকে। ফলস্বৰূপে, আপুনি ডিহাইড্ৰেচনত ভুগিব লগা হ’ব পাৰে।

(২)শৰীৰৰ ভিতৰ ভাগ অত্যাধিক শুকান হ’লে কোষ্ঠকাঠিন্যও হ’ব পাৰে।

(৩) কম পানী খালে শৰীৰৰ ভিতৰত অধিক এচিড হ’ব পাৰে। ইয়াৰ ফলত বুকুজ্বলা পুৰাৰ গুৰুতৰ সমস্যা হ’ব পাৰে।

(৪) পানীয়ে শৰীৰটো সতেজ ৰাখে। কম পানী খালে শৰীৰটো ভিতৰৰ পৰা শুকাই যায়। ভাগৰ লাগে আৰু কামৰ ক্ষমতা হ্ৰাস হ’ব পাৰে।

(৫)শীতকালত পানী খোৱাৰ প্ৰৱণতা বৃদ্ধি নাপালেও নিয়মীয়াকৈ পানী খোৱাটো গুৰুত্বপূৰ্ণ। অতি ঠাণ্ডাদিনত মাজে মাজে কুহুমীয়া পানী খালে ভিতৰৰ পৰা সকাহ পাব।

Exit mobile version