The Line : ট্রেইন-বাস সকলো থাকিব ! ভৱিষ্যতৰ চহৰ গঢ়িছে ছৌদি আৰৱে

1636021167 7

পাহাৰ কাটি তৈয়াৰ হ’ব চহৰ । এনে চহৰ য’ত নচলিব কোনো গাড়ী-মটৰ ! নাথাকিব গাড়ী চলোৱা পথো ! সম্পূর্ণ প্ৰদূষণমুক্ত হোৱাৰ নজিৰ গঢ়িব চহৰখনে । বিশ্বত প্রথম এনে চহৰ গঢ়ি উঠিব ।

প্ৰদূষণমুক্ত চহৰ গঢ়ি নজিৰ গঢ়াৰ লক্ষ্যত আগবাঢ়িছে ছৌদি আৰৱ । ২০২৪ৰ ভিতৰতেই সেই চহৰ সম্পূৰ্ণ তৈয়াৰ হ’ব । এই প্রকল্পৰ নাম ৰখা হৈছে ‘দ্য লাইন’ । চহৰৰ কাম আৰম্ভ হৈছে ২০২১ৰ পৰাই ।

ওপৰৰ ছবি তুলিলে এনে লাগিব যেন জংঘলৰ মাজত কোনোবাই এডাল আঁচ তানি দিছে । ১০৫ মাইল দীর্ঘ অঞ্চলত গঢ়ি উঠিছে সেই চহৰ । তিনিটা স্তৰ থাকিব চহৰখনত । একেবাৰে ওপৰৰ স্তৰ ভূমিৰ ওপৰত । তাত কেৱল খোজকঢ়া পথ থাকিব ।

ইয়াৰ তলৰ দুটা স্তৰ ভূগর্ভস্থ । তাত গাড়ী চলাচলৰ পথ থাকিব । দ্বিতীয় স্তৰ মূলত পৰিকাঠামো পর্যবেক্ষণৰ বাবে ৰখা হ’ব । তৃতীয় স্তৰেৰে দ্রুত গতি সম্পন্ন ট্রেইন আৰু অন্যান্য যানবাহন যাতায়াত কৰিব । ফলত একেবাৰে ওপৰৰ স্তৰ সম্পূর্ণ প্ৰদূষণমুক্ত হ’ব ।

১০ লাখ মানুহে একেলগে বাস কৰিব পাৰিব এই চহৰত । চহৰৰ মানচিত্ৰ এনে ধৰণে প্ৰস্তুত কৰা হ’ব, যাতে হাস্পাতাল, বিদ্যালয়, ৰেস্তোৰাঁ সর্বত্র পাঁচ মিনিটৰ ভিতৰতে পাব পাৰি । এই চহৰৰ পৰা ওচৰৰ অঞ্চলত যোগাযোগ স্থাপন হ’ব তৃতীয় স্তৰৰ যাতায়াত ব্যৱস্থাৰ মাধ্যমত ।

পাহাৰ-জংঘল কাটি তৈয়াৰ কৰা হৈছে এই দীঘলীয়া চহৰ, সম্ভৱতঃ প্রাকৃতিক সম্পদৰ ক্ষতি কম কৰাৰ বাবেই তিনিটা স্তৰত ভাগ কৰা হৈছে চহৰখনক । যাতে কম সংখ্যক গছ-পাহাৰ কটা যায় ।

ছৌদি আৰৱে এই প্রকল্পত ২০ হেজাৰ কোটি ডলাৰ বিনিয়োগ কৰিছে । প্রকল্প বাস্তৱায়িত হ’লে অন্তত তিনি লাখ ৮০ হেজাৰ কর্মসংস্থাপন হ’ব । ২০৩০ত দেশৰ মুঠ অভ্যন্তৰীণ উৎপাদন (জিডিপি) ৪৮০০ কোটি ডলাৰ বৃদ্ধি পাব ।

এই সম্পূৰ্ণ প্রকল্পটোৱেই ‘নিওম’ প্রকল্পৰ অধীনস্থ । ‘নিওম’ প্রকল্পটো ৫০ হেজাৰ ডলাৰৰ প্রকল্প । ছৌদি আৰৱৰ তাবুক প্রদেশ এহেজাৰ বর্গ মাইল এলাকাত গঢ়ি উঠিছে এই প্রকল্প । ‘নিওম’-ৰ অর্থই হ’ল নতুন ভৱিষ্যৎ ।ড্র’ন টেক্সি, বিনোদনৰ বাবে জুৰাচিক পার্কৰ দৰে ব্যৱস্থাও থাকিব ।

সম্পূৰ্ণ চহৰখনক পর্যবেক্ষণত ৰাখিব কৃত্রিম বুদ্ধিমত্তা বা আর্টিফিচিয়েল ইন্টেলিজেন্স প্রযুক্তিয়ে । চহৰখনৰ বাসিন্দাসকলে দৈনন্দিন জীৱন যাপনত কোনো সমস্যাৰ সম্মুখীন হ’লে সেইটো নথিভুক্ত কৰা হ’ব আৰু ভৱিষ্যতে সেই সমস্যাৰ পৰা মুক্ত কৰাত সহায় কৰিব এই প্রযুক্তিয়ে ।

Exit mobile version