পশ্চিমবংগৰ মধুপুৰ সত্ৰ অস্তিত্বৰ সংকটত

বিশ্ব হিন্দু মহাসংঘৰ সংবাদমেল ।

পশ্চিমবংগত অৱস্থিত মধুপুৰ সত্ৰ অস্তিত্বৰ সংকটত ।

সত্ৰখন পৰিচালনাত বৃহৎ খেলিমেলিৰ অভিযোগ ।

যোৱা ৩৫ বছৰে পৰিচালনা সমিতি সলনি নোহোৱাটো ৰহস্যজনক ।

বিমলা প্ৰসাদ চলিহা আৰু মহেন্দ্র মোহন চৌধুৰীৰ দিনৰ পাছৰ পৰাই এই সত্ৰখনক মাহী আইৰ দৃষ্টিৰে চোৱা হৈছে ।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক উচিত ব্যৱস্থা লওঁক ।

সত্ৰখনৰ পুৰণি পৰিচালনা সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰিবলৈ আহ্বান ।

দিচপুৰৰ হস্তক্ষেপত চলিব লাগে মধুপুৰ সত্ৰ ।

সত্ৰাধিকাৰ গৰাকী সম্প্ৰতি ৰোগত আক্রান্ত, তেওঁক চিকিৎসাৰ সু-ব্যৱস্থা গ্রহণ কৰক চৰকাৰে ।

সত্ৰৰ চৌদিশে বেংগলী লোক আছে । সত্ৰ উন্নয়নৰ নামত বিশেষ পুজি দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ।

মমতা বেনার্জীয়ে মধুপুৰ সত্ৰৰ প্ৰতি অনিহা দেখুৱাইছে ।

মুখ্যমন্ত্ৰীলৈ ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হ’ব ।

অসমৰ পৰা বিশেষ পেকেজৰ দ্বাৰা পৰ্যটনৰ সু-ব্যৱস্থা কৰক চৰকাৰে ।

Exit mobile version