বেচৰকাৰী বিদ্যালয়ৰ তুলনাত ভিৰ বাঢ়িছে চৰকাৰী শিক্ষানুষ্ঠানত

happiness classes 1ef296a8 3599 11e9 9527 26b2d5de00dc

কৰ’নাৰ দৌৰাত্ম্যৰ ফলত বিগত বেৰ বছৰৰো অধিক সময় ভাৰতত শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল । মধ্যবিত্ত আৰু নিম্নবিত্তৰ বাবে ক’ভিডৰ এই সময়ছোৱা আছিল আৰ্থিকভাৱে যথেষ্ট জঞ্জালৰে ভৰা । ক’ভিডে অন্যান্য বিভিন্ন ক্ষেত্ৰৰ লগতে দেশৰ শিক্ষা ক্ষেত্ৰতো সৰ্বাধিক প্ৰভাৱিত কৰিলে । বৰ্তমানে দেশৰ প্ৰায়বোৰ ৰাজ্যতে বিদ্যালয় পুনৰ মুকলি কৰা হৈছে । কিন্তু ক’ভিডোত্তৰ পৰিস্থিতিত স্পষ্ট হৈছে যে ব্যক্তিগত খণ্ডৰ পৰিৱৰ্তে সম্প্ৰতি চৰকাৰী খণ্ডত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে ।

ৰাজধানী দিল্লীৰ লগতে পশ্চিমবংগতো মহামাৰী পৰৱৰ্তী অৰ্থিক অৱস্থাত শিক্ষাৰ্থীৰ সংখ্যা ব্যক্তিগত বিদ্যালয়ৰ পৰিৱৰ্তে চৰকাৰী শিক্ষানুষ্ঠানত অধিক হোৱাটো প্ৰত্যক্ষ হৈছে । ‘এনুৱেল ষ্টেটাছ অৱ এডুকেচন ৰিপ’ৰ্ট’ শীৰ্ষক প্ৰতিবেদনৰ তথ্য অনুসৰি,২০২০ বৰ্ষত মহামাৰী আৰম্ভ হোৱাৰ সময়ৰ পৰাই ব্যক্তিগত শিক্ষানুষ্ঠানৰ অধ্যয়নৰত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছিল । আনকি অনেক ক্ষেত্ৰত শিক্ষাৰ্থীয়ে আনুষ্ঠানিক শিক্ষা ত্যাগ কৰিবলৈকো বাধ্য হৈছিল ।

এই প্ৰতিবেদন অনুসৰি, বেচৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস বৰ্তমানেও অব্যাহত আছে আৰু ক্ৰমে দেশৰ চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । প্ৰতিবেদনটোত ইয়াৰ কাৰণ হিচাপে ৪০ শতাংশই মত পোষণ কৰি কৈছে যে ব্যক্তিগত বিদ্যালয়ত বিগত ডেৰ বছৰে শিক্ষাদান সঠিকভাৱে হোৱা নাই । আনহাতে, ১৫ শতাংশৰ মতামত অনুসৰি, শিক্ষাৰ্থীৰ সংখ্যা ব্যক্তিগত বিদ্যালয়ত হ্ৰাস হোৱাৰ কাৰণ হৈছে ব্যাপক হাৰত হোৱা প্ৰব্ৰজন ।

৬২ শতাংশ লোকৰ মতে, অৰ্থিক দুৰৱস্থাৰ ফলত শিক্ষাৰ্থীক বেচৰকাৰী বিদ্যালয়ৰ পৰা চৰকাৰী বিদ্যালয়লৈ স্থানান্তৰিত কৰিবলৈ অভিভাৱকসকল বাধ্য হৈছে । ৫০ শতাংশই কয় যে, চৰকাৰী বিদ্যালয়ত বিনামূলীয়া সা-সুবিধা লাভ কৰাৰ কাৰণতো ব্যক্তিগত বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীৰ ব্যাপক প্ৰব্ৰজন হৈছে ।

২০১৮ বৰ্ষত চৰকাৰী বিদ্যালয়ত ভৰ্তি হোৱা শিক্ষাৰ্থীৰ সংখ্যা আছিল ৬৩ শতাংশ আৰু ২০২১ বৰ্ষত ই ৭২ শতাংশলৈ বৃদ্ধি পালে । স্কুলীয়া শিক্ষাৰ বাহিৰত থকা শিশুৰ অনুপাতো ২০২০ বৰ্ষৰ তুলনাত ১.৪ শতাংশ বৃদ্ধিৰে ৪.৬ শতাংশ হ’ল । দেশৰ উত্তৰ প্রদেশ, ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশত চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বিগত ডেৰ বছৰত যথেষ্ট বৃদ্ধি পাইছে ।

ইয়াৰ বিপৰীতে উত্তৰ-পূব ভাৰতৰ কে’বাখনো ৰাজ্যত এই সময়ছোৱাত চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে বিদ্যালয়ত নামভৰ্তি নকৰা শিশুৰ অনুপাত বৃদ্ধি পালে ।

Exit mobile version