ভয়াৱহ খৰাংৱস্থাত কেনিয়াত জীৱ-জন্তুৰ মৃতদেহৰ শাৰী

wajirArticle1

আফ্ৰিকাৰ দেশ কেনিয়াত সম্প্ৰতি খৰাংৱস্থাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দীৰ্ঘদিন ধৰি দেশখনত খৰাংৱস্থা অব্যাহত আছে । বৰষুণৰ অভাৱত কেনিয়াৰ বিভিন্ন অঞ্চলত ভূমি ফাটি চিৰাল মাৰিছে । প্ৰচণ্ড উত্তাপৰ ফলত দেশবাসীয়ে দুৰ্বিসহ জীৱন যাপন কৰাৰ সময়তে কেনিয়াৰ বিভিন্ন অঞ্চলত ভয়াৱহ খৰাংৱস্থাত অগণন জীৱ-জন্তুৰ মৃত্যু হৈছে ।

দেশখনৰ গ্ৰামাঞ্চলত সম্প্ৰতি অতি ভয়াৱহ অৱস্থাৰ সৃষ্টি হৈছে । প্ৰচণ্ড উত্তাপ আৰু পানীৰ অভাৱত বিভিন্ন অঞ্চলত জীৱ-জন্তুৰ মৃত্যু হোৱাৰ ফটো শেহতীয়াভাৱে সামাজিক মাধ্যমত ভাইৰেল হৈছে ।

প্ৰকাশিত বাতৰি অনুসৰি, ছেপ্টেম্বৰৰ পাছৰে পৰা কেনিয়াত স্বাভাবিকতকৈ ৩০ শতাংশ কম বৃষ্টিপাত হৈছে ।

Exit mobile version