অত্যধিক হাইহিল পিন্ধাৰ ফলত হ’ব পাৰে বিপদ !

পঢ়ক সবিশেষ

high heels

কিছুমান মহিলাই চখত আৰু আন কিছুমানে চাপৰ হােৱা বাবে মানসিক হীনমন্যতাৰ বশৱৰ্তী হৈ হাইহিল পিন্ধে। পিছে যি কাৰণতেই নিপিন্ধক কিয় সঠিকভাৱে ব্যৱহাৰ নকৰিলে ভৰিৰ বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠে। হাইহিল ছেলে অথবা জোতা পিন্ধিলে পৰােক্ষভাৱে ভৰিৰ ওপৰত অস্বাভাৱিক চাপ পৰিবলৈ ধৰে।

দুয়ােখন ভৰিয়ে অতিৰিক্ত চাপ সহ্য কৰিবলগীয়া হােৱাৰ ফলত লাহে লাহে ইয়াৰ প্ৰভাৱ পৰিবলৈ ধৰে। প্ৰথম অৱস্থাত ইয়াৰ প্ৰভাৱ জ্ঞাত নহয় যদিও সময় যােৱাৰ লগে লগে ই সক্রিয় হৈ উঠে। প্ৰতিগৰাকী ব্যক্তিয়ে জোতা পিন্ধাৰ সময়ত ভৰিৰ জোখ তথা শাৰীৰিক গঠন অনুপাতে পৰিধানৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত।

প্ৰায়ভাগ লােকৰে বিশেষকৈ মহিলাসকলৰ ভৰি মােচোকা খােৱা অথবা গেৰােৱাৰ বিষ, ভৰিৰ গাঁঠি আদিত মােচোকা খােৱাৰ ফলত সামান্য ফাঁট মেলা আদিৰ সমস্যাই গা কৰি উঠে। মাটিৰ পৰা বহু উচ্চতাত ভৰি থকাৰ ফলত গেৰােৱাৰ লগতে গাঁঠি আদি খােজ কাঢ়িলেই চাপৰ সৃষ্টি হয়।

যিসকলে নিয়মীয়াকৈ ব্যৱহাৰ কৰে তেওঁলােকৰ এনেধৰণৰ সমস্যাই সততে গা কৰি উঠে। যিসকল মহিলাৰ কেলছিয়াম, ভিটামিন ‘ডি’ আদিৰ অভাৱ হয়। তেওঁলােকৰ সামান্য মােচোকা খালেই ভৰি ভঙাৰ আশংকা থাকে।

তদুপৰি – মেদবহুল লােকসকলে এনে জোতা, ছেলে ব্যৱহাৰ কৰাৰ ফলত শৰীৰৰ অতিৰিক্ত ওজন আৰু মাটিৰ পৰা ভৰি বহু ওপৰত থকা বাবে ভৰি দুখনে ভালদৰে খােপনি পুতিব নােৱৰা বাবে সমস্যাই সময়ত জটিল ৰূপ লয়। পৰাপক্ষত এনেধৰণৰ জোতা, ছেলে আদি পিন্ধাৰ পৰা আঁতৰি থকাটোৱে মংগলজনক। গুৰুত্ব নিদিলে বিপদ নিশ্চিত।

Exit mobile version