১০৪ বছৰ বয়সত পৰীক্ষাত অৱতীৰ্ণ হৈ ৮৯শতাংশ নম্বৰ লাভ জ্যেষ্ঠাৰ

670

ইচ্ছা থাকিলে ১০০ বছৰ বয়সতাে মনযােগৰে পঢ়া-শুনা কৰিব পাৰি। এই কথাই প্রমাণ কৰিলে কেৰালাৰ এগৰাকী জ্যেষ্ঠা মহিলাই।

স্কুল-কলেজ শিক্ষা গ্ৰহণৰ পাছতে কর্মজীৱনত প্ৰৱেশ কৰিলেই আমি ভাবাে যে শিক্ষা আহৰণ সমাপ্ত হ’ল। কিন্তু নহয়।

ইচ্ছা থাকিলে, বিচাৰিলে যিকোনাে বয়সতে শিক্ষা আহৰণ কৰিব পাৰি। ইচ্ছা থাকিলে যি কোনাে ব্যক্তিয়ে ১০০ বছৰ বয়সততা পঢ়া-শুনা কৰিব পাৰে, আনুষ্ঠানিক শিক্ষা আহৰণ কৰিব পাৰে৷

ইয়াৰে এক নিদর্শন কেৰালাৰ কুট্টিয়াম্মা। ১০৪ বছৰ বয়সত পৰীক্ষাত অৱতীৰ্ণ হৈ ১০০ ভিতৰত ৮৯ শতাংশ নম্বৰ লাভ কৰিলে কুটিয়াম্মাই।

কেৱল কেৰালাতে নহয়, সমগ্র দেশতে এক অনন্য নিদর্শন স্থাপন কৰিলে কুট্টিয়াম্মাই। কেৰালাৰ ৰাজ্যিক সাক্ষৰতা অভিযানৰ অধীনত আয়ােজিত পৰীক্ষাত সকলােৰে বাবে অনুপ্ৰেৰণাৰ সঞ্চাৰ কৰিলে এইগৰাকী বৃদ্ধাইকেৰালা চৰকাৰে সাক্ষৰতা বৃদ্ধিৰ
বাবে অব্যাহত ৰখা প্রচেষ্টাৰ কথা সমগ্র দেশবাসীৰে জ্ঞাত।

এই অভিযানতে এক নতুন নজিৰ স্থাপন কৰিলে ১০৪ বছৰ বয়সীয়া কুট্টিয়াম্মাই। ৰাজ্যখনৰ সকলাে স্তৰত সাক্ষৰতা বৃদ্ধিৰ লক্ষ্যৰে কেৰালা চৰকাৰে সঘনে বিভিন্ন অঞ্চলত সাক্ষৰতা পৰীক্ষা অনুষ্ঠিত কৰি আহিছে।

এই পৰীক্ষাত বিদ্যালয় পর্যায়ত নানা প্রশ্ন কৰা হয়। অলপতে আয়ােজিত এনে এক সাক্ষৰতা পৰীক্ষাত অৱতীৰ্ণ হৈছিল কুট্টিয়াম্মা। ১০৪ বছৰ বয়সত সাক্ষৰতা পৰীক্ষাত অৱতীৰ্ণ হৈ কুট্টিয়াম্মাই লাভ কৰিলে ৮৯ শতাংশ নম্বৰ।

১০৪ বছৰ বয়সতত কুট্টিয়াম্মাৰ আগ্ৰহ আৰু স্মৰণ শক্তিৰ প্ৰখৰতা দেখি সকলােৱে অবাক হ’ল। এই বয়সততা কুট্টিয়াম্মাৰ স্মৰণ শক্তিৰ লগতে দৃষ্টিশক্তিও যথেষ্ট প্রখৰ হৈ আছে।

Exit mobile version