ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সভাসমূহত, বিজেপিৰ গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়ত সুহুৰি বজাই, বিহু নাচি, মুম্বাইতো বিহু নাচি বহুলভাৱে চৰ্চিত হোৱা ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক ফনীধৰ তালুকদাৰে এইবাৰ দোতাৰা, তাল, খোল বাদন কৰি দেখুৱালে জন সমুদ্ৰৰ মাজত । বিধায়ক ফনীধৰ তালুকদাৰে আজি ভৱানীপুৰ বিধানসভা সমষ্টিৰ কঠালমূৰীঘাটত ৰাস মহোৎসৱৰ সোণালী জয়ন্তীৰ বৰ্ণাঢ্য সংস্কৃতিৰ ৰূপৰেখা প্ৰদৰ্শিত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি থলুৱা লোক শিল্পীৰ স’তে দোতাৰা বাদন কৰি পুনৰ চৰ্চাত আহে ।
হেজাৰ হেজাৰ ৰাইজ আৰু লোক সংস্কৃতিৰ শিল্পীয়ে অংশগ্ৰহণ কৰা অসমৰ বৰ্ণাঢ্য সাংস্কৃতিৰ ৰূপৰেখা প্ৰদৰ্শিত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ তথা পৰিভ্ৰমণ কৰা বিধায়ক তালুকদাৰে দীৰ্ঘ সময় ধৰি শিল্পীসকলৰ স’তে দোতাৰা বাদন কৰে । লগতে তাল, খোল বাদন কৰে । তদুপৰি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি ভাও লোৱা দৰা আৰু কইনাকো সংগ দিয়ে ।
সংগ দি সেৱা জনায় শোভাযাত্ৰাত অংশগ্ৰহণ কৰা কৃষ্ণৰূপী শিশুকো । মুঠৰ ওপৰত বিধায়কগৰাকীক আজি কঠালমূৰীঘাটৰ ৰাসোৎসৱৰ সোণালী জয়ন্তী উৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাত বৰ্ণাঢ্য সাংস্কৃতিক যোদ্ধাৰ ৰূপত দেখা গ’ল । বিধায়ক তালুকদাৰে সংবাদ মাধ্যমৰ আগত কয় যে, অসমৰ বৰ্ণাঢ্য চিৰ সুন্দৰৰ লোক সংস্কৃতিৰ মই এগৰাকী দুৰ্দান্ত প্ৰেমিক ।
উল্লেখ্য যে সাতদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী ৰূপায়নেৰে উজ্বলিছে কঠালমূৰীঘাটৰ ৰাসোৎসৱৰ সোণালী জয়ন্তী মহোৎসৱ ।