Aamir Khan:তৃতীয়বাৰলৈ বিয়াৰ বাবে সাজু আমিৰ খান ?

jpg 4

অভিনেতা আমিৰ খান (Aamir Khan) আৰু তেওঁৰ পত্নী তথা প্ৰযোজক কিৰণ ৰাৱে এই বছৰৰ জুলাইতে পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল ।

ছ’চিয়েল মিডিয়াৰ প’ষ্টৰ মাধ্যমেৰে তেওঁলোকে নিজে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে। আমিৰ আৰু কিৰণে ২০০৫ চনৰ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু ১৫ বছৰ একেলগে থকাৰ পাছত পৃথক হোৱাৰ সিদ্ধান্ত লয়।

কিৰণ আমিৰৰ দ্বিতীয় পত্নী । আমিৰে এইবাৰ পুনৰ বিবাহপাশত আবদ্ধ হ’ব নেকি তাকে লৈ এতিয়া জল্পনা-কল্পনা আৰম্ভ।

আমিৰ (Aamir Khan ) বৰ্তমান লাল সিং চাড্ডাৰ কামত ব্যস্ত । চলচ্চিত্ৰখন হলিউডৰ বিখ্যাত চলচ্চিত্ৰ ফৰেষ্ট গাম্পৰ পুনৰ্নিৰ্মাণ। ছবিখনত অভিনয় কৰিছে অভিনেত্ৰী কৰিণা কাপুৰেও ।

এইবাৰ ছবিখনৰ কাম হ’লেই পুনৰ বিবাহপাশত আবদ্ধ হ’ব আমিৰ খান।এই বিষয়ে এতিয়া সামাজিক মাধ্যমত জল্পনা কল্পনা আৰম্ভ ।

আনকি আমিৰে কেতিয়া বিবাহৰ বাতৰি ঘোষণা কৰিব তাক লৈও জল্পনা-কল্পনা চলি আছে সামাজিক মাধ্যমত। বিয়াৰ কইনা কোন সেই বিষয়েও আলোচনা অব্যাহত।

কিৰণ ৰাওক বিবাহ বিচ্ছেদ দিয়াৰ পাছতহে নেটিজেনসকলে আমিৰ খানৰ স’তে দঙ্গল অভিনেত্ৰী ফাতিমা ছানা শ্বেখৰ লগত সম্পৰ্ক থকাৰ কথা সমালোচনা কৰিছে।

বহুতে অনুমান কৰে যে আমিৰে কিৰণৰ স’তে তেওঁৰ সম্পৰ্ক সমাপ্ত কৰিছে কিয়নো তেওঁ ফাতিমাৰ স’তে সম্পৰ্ক গঢ়ি বিচাৰে।

কিন্তু আমিৰ বা ফাতিমাই এই বিষয়ে মুকলি কৰা নাছিল যদিও সকলোৱে এইটোৱে অনুমান কৰে। আমিৰে বিশেষকৈ লাল সিং চাড্ডা চলচ্চিত্ৰৰ কামৰ পাছত বিয়া হোৱাৰ কথা ভাবি আছে।

আমিৰ খান আৰু কিৰণ ৰাৱে তিনি জুলাইত তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল । যুটীয়াভাৱে, তেওঁলোকে কৈছিল যে তেওঁলোকে জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছে।

Exit mobile version