CoWin: আৰু কঢ়িয়াব নালাগে টিকাকৰণৰ প্ৰমানপত্ৰ ,ক’উইনত নতুন বৈশিষ্ট্য আনিলে কেন্দ্ৰই

131851 bangladesh vaccination 1

সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে নে আংশিকভাৱে,এই বিষয়টো এইবাৰ সহজে জানিব পাৰিব দেহবাসীয়ে।শনিবাৰে কেন্দ্ৰই ক’উইন পৰ্টেলত এটা নতুন সুবিধা যোগ কৰিছে – ‘Know your vaccination status’। এই নতুন সুবিধাৰ দ্বাৰা, নাগৰিকসকলে যিকোনো স্থানত, যিকোনো সময়তে তেওঁলোকৰ টিকাকৰণৰ স্থিতি চাব পাৰে।

ক’উইনৰ নতুন এই বৈশিষ্ট্যৰ কথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে টুইটযোগে ঘোষণা কৰে।যি মোবাইল নম্বৰত ক’উইন এপ্পত পঞ্জীয়ন কৰা আছে সেই ম’বাইল নম্বৰটো দিয়াৰ পাছত, সংশ্লিষ্ট ব্যক্তিজনৰ ওচৰলৈ এটা অ’টিপি যাব।

তাৰ পাছত, ব্যক্তিজনে তেওঁৰ টিকাকৰণৰ স্থিতি চাব পাৰিব। কেৱল সেয়াই নহয়, নাগৰিকসকলে সম্পূৰ্ণৰূপে টিকাকৰণ কৰা বা আংশিক টিকাকৰণৰ বেজ ডাউনলোড কৰিব পাৰে।

কেন্দ্ৰৰ মতে, এই ক্ষেত্ৰত ভ্ৰমণ সংস্থা, কাৰ্যালয়কে ধৰি বিভিন্ন সংস্থা উপকৃত হ’ব। কিয়নো তেওঁলোকে এইটোও নিশ্চিত হ’ব পাৰে যে ক’উইনৰ এই নতুন বৈশিষ্ট্য ব্যৱহাৰ কৰি এজন ব্যক্তিৰ দুটা টিকাকৰণ বা আংশিক টিকাকৰণ আছে নে নাই।

কেতিয়াবা, যদি টিকাকৰণ প্ৰমাণপত্ৰ কঢ়িয়াই নিয়া সম্ভৱ নহয়, নাগৰিকসকলে এই সুবিধা ব্যৱহাৰ কৰি তেওঁলোকৰ টিকাকৰণৰ স্থিতিৰ বিষয়ে অৱগত কৰিব পাৰিব।

Exit mobile version