Farm Laws : মন্ত্রীসভাৰ বৈঠকত কৃষি আইন প্রত্যাহাৰত সন্মতিৰ সম্ভাৱনা

1637490583 delhi

বিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰৰ প্রক্রিয়া আৰম্ভ কৰাৰ বাবে আগন্তুক বুধবাৰে সন্মতি দিব পাৰে কেন্দ্রীয় মন্ত্রীসভাই । বুধবাৰে, ২৪ নৱেম্বৰত মন্ত্রীসভাৰ বৈঠকত এই বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে বুলি চৰকাৰী সূত্রে খবৰ ।

সংবাদ সূত্রে খবৰ, বুধবাৰৰ বৈঠকত কেন্দ্রীয় মন্ত্রীসভাৰ সেউজ সংকেত লাভ কৰিলে কৃষি আইনবোৰ প্রত্যাহাৰৰ বাবে সংসদৰ শীতকালীন অধিবেশনত তাক লৈ বিল প্ৰকাশ কৰিব পাৰে ।

প্রসংগত, ২০২০ৰ ছেপ্টেম্বৰত কৃষি আইন আৰম্ভ কৰাৰ পাছৰ পৰাই দেশজুৰি বিক্ষোভৰ সন্মুখীন হৈছে নৰেন্দ্র মোদী চৰকাৰ । তিনি আইন প্রত্যাহাৰৰ দাবীত প্ৰায় বছৰজোৰা আন্দোলন কৰে কৃষক ইউনিয়নবোৰে । অৱশেষত, শুকুৰবাৰে তিনি কৃষি আইন প্রত্যাহাৰৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । প্রধানমন্ত্রীৰ ঘোষণাক স্বাগত জনালেও আন্দোলনত অটল কৃষক নেতাসকল ।

আন্দোলনকাৰীসকলৰ দাবী, কৃষি আইনবোৰ প্রত্যাহাৰৰ বাবে আইনী পদক্ষেপ ল’ব লাগিব । লগতে, শস্যৰ ন্যূনতম সহায়ক মূল্য (এমএছপি)সহ কৃষি আইনবোৰৰ একাধিক বিষয়ত দাবী দিয়াক লৈ আলোচনা বাকী আছে । দেওবাৰে এই বিষয়ত নিজৰ মাজত বৈঠকতো মিলিত হয় কৃষক নেতাসকল ।

Exit mobile version