ছ’মাহ সম্পূৰ্ণ কৰিলে শ্ৰেয়াৰ পুত্ৰই,ছ’চিয়েল মিডিয়াত প্ৰথমবাৰ মুখ দেখালে পুত্ৰৰ

Shreya Ghoshal Baby 4

পুত্ৰ জন্মৰ ছ’মাহ সম্পূৰ্ণ হোৱাৰ পাছতে ফটো প’ষ্ট কৰিলে শ্ৰেয়া ঘোষালে (Shreya Ghoshal)।ইয়াৰ পুৰ্বেও পুত্ৰৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে গায়িকাগৰাকীয়ে । কিন্তু কোনোবাৰেই পুত্ৰৰ মুখ প্রকাশ কৰা নাছিল ।২২ মে’ত মুম্বাইৰ চিকিৎসালয়ত পুত্ৰ দেৱয়ানৰ জন্ম হৈছিল ।

সেই খবৰ ছ’চিয়েল মিডিয়াত নিজে জনাইছিল গায়িকাগৰাকীয়ে ।২২ নৱেম্বৰত ছমাহ সম্পূৰ্ণ হয় শ্ৰেয়াৰ পুত্ৰৰ।সেই উপলক্ষেই একাধিক ফটো প’ষ্ট কৰিছে শ্ৰেয়াই।কেপছনত লিখিছে ,”হেল্ল, মই দেৱয়ান আৰু আজি মোৰ ছ’মাহ সম্পূৰ্ণ হৈছে ।মই এতিয়া নিজৰ আশে পাশে পৃথিৱী চোৱাত ব্যস্ত ।মোক ভালপোৱা আৰু আশীৰ্বাদ দিয়াৰ বাবে সকলোকে ধন্যবাদ ।”

Exit mobile version