Farm Law : একাধিক দাবীৰে মোদীলৈ মুকলি পত্ৰ প্ৰতিবাদী কৃষকসকলৰ

punjab farmer 1

ইতিমধ্যে দিল্লী সীমান্তত প্ৰতিবাদৰত কৃষকসকলে জনাইছে যে তিনি কৃষি আইন সংসদত বাতিল নোহোৱা পৰ্যন্ত তেওঁলোকৰ আন্দোলন অব্যাহত থাকিব । শস্যৰ ন্যূনতম মূল্য নিশ্চিত কৰিবলৈ আইন আৰু কেন্দ্রীয় মন্ত্রীসভাৰ পৰা অজয় মিশ্র টেনিক প্ৰত্যাহাৰৰ দাবীত এইবাৰ কৃষক সংগঠনবোৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ মুকলি পত্ৰ লিখিলে ।

প্রধানমন্ত্রীৰ তিনি কৃষি আইন প্রত্যাহাৰৰ সিদ্ধান্তক স্বাগত জনালেও সংযুক্ত কিষাণ মর্চাই প্রধানমন্ত্রীক কটাক্ষ কৰি পত্ৰত জনাইছে, কৃষকসকলৰ স’তে চৰকাৰৰ ১১ টা পৰ্যায়ত আলোচনা হৈছিল । তাৰ পাছতো প্রধানমন্ত্রীয়ে দ্বিপাক্ষিক সমাধানৰ পথ অৱলম্বন নকৰি এক তৰফিয়া ঘোষণা কৰিছে । পত্ৰত কৃষক নেতাসকলে উল্লেখ কৰিছে যে, ২০১১ত গুজৰাটৰ মুখ্যমন্ত্রী হিচাপে নৰেন্দ্র মোদীৰ নেতৃত্বাধীন মুখ্যমন্ত্রীসকলৰ কমিটীয়ে মনমোহন চৰকাৰক শস্যৰ মূল্যৰ আইনী গেৰেণ্টিৰ আবেদন জনাইছিল ।

শুকুৰবাৰে প্রধানমন্ত্রীয়ে তিনি কৃষি আইন প্রত্যাহাৰৰ ঘোষণাৰ পাছতে কৃষকসকলে কেতিয়া আন্দোলন প্রত্যাহাৰ কৰিব, তাক লৈ প্রশ্ন উত্থাপন হৈছিল । শনিবাৰে মর্চাৰ কোৰ কমিটীৰ বৈঠকৰ পাছত কৃষক নেতাসকলে জনাইছে, তেওঁলোকে এতিয়াই দিল্লীৰ সীমান্তৰ ধর্না স্তব্ধ নকৰে । আগতে সংসদত আইন প্রত্যাহাৰ হ‌ওক । আইন প্রত্যাহাৰৰ বিল তৈয়াৰৰ কাম ইতিমধ্যে কৃষি মন্ত্রণালয় আৰু খাদ্য-উপভোক্তা বিষয়ক মন্ত্রণালয়ত আৰম্ভ হৈছে । অহা বুধবাৰে কেন্দ্রীয় মন্ত্রীসভাই তাত ছিলমোহৰ দিয়াৰ সম্ভাৱনা আছে ।

আজি কৃষক নেতাসকলে জনাইছে, তেওঁলোকে অন্যান্য দাবী দিয়াক লৈও কোনো ধৰণৰ আপোচ কৰা নাই । শস্যৰ ন্যূনতম সহায়ক মূল্য বা এমএছপি-ৰ আইনী গেৰেন্টি, টেনিক মন্ত্রীসভাৰ পৰা প্ৰত্যাহাৰৰ লগতে আন্দোলনত মৃত কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিব লাগিব । বিদ্যুৎ আইনৰ সংশোধনী বিলৰ খচৰা প্রত্যাহাৰ কৰিব লাগিব । শস্যৰ নৰা জ্বলোৱা ৰোধ আইনৰ পৰা কৃষকসকলৰ জৰিমনা-শাস্তিৰ ব্যৱস্থা প্রত্যাহাৰ কৰিব লাগিব । এই আইনত যিসমূহ কৃষকক গ্রেপ্তাৰ কৰা হৈছে, তেওঁলোকক মুক্তি দিব লাগিব । আন্দোলনৰ সময়ত কৃষকসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰো প্রত্যাহাৰ কৰিব লাগিব ।

কালি দিল্লী সীমানন্তৰ সিংঘুত কৃষক সংগঠনসমূহৰ ঐক্যমঞ্চ সংযুক্ত কিষাণ মর্চাৰ বৈঠক বহে । তাতেই এই সমূহ দাবীৰে প্রধানমন্ত্রীলৈ মুকলি পত্ৰ লিখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । পাছত সন্ধিয়া মর্চাৰ তৰফৰ পৰা প্রধানমন্ত্রীক ই-মেইল কৰি পত্ৰ প্ৰেৰণ কৰা হয় । পত্ৰৰ আৰম্ভণিতেই কৃষকসকলে জনাইছে, সকলো ধৰণৰ খৰচ হিচাপ কৰি কৃষিৰ মুঠ খৰচৰ ডেৰগুণ এমএছপি নিশ্চিত কৰিবলৈ আইন আনিব লাগিব ।

তিনি কৃষি আইনত চুক্তি কৃষিৰ স্বাধীনতা দি মোদী চৰকাৰে প্ৰকৃততে এমএছপি তুলি ল’ব বিচাৰিছে বুলি কৃষক নেতাসকলৰ শংকা আছিল । আনহাতে, কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে কৃষকসকলক দৰ নিৰ্ধাৰণৰ সুবিধা থাকিব বুলি বাৰে বাৰে আশ্বাস দিছিল, শস্যৰ এম‌এছপি যিমান সিমানেই থাকিব । চৰকাৰেও কৃষকসকলৰ পৰা আগৰ দৰেই ধান-গম কিনিব । চৰকাৰে এই বিষয়ত লিখিত প্রতিশ্রুতি দিবলৈ প্ৰস্তুত যদিও কৃষক সংগঠনসমূহে আইনী গেৰেণ্টিৰ দাবী জনায় । কৃষক নেতাসকলৰ মতে, চৰকাৰে ২৩ বিধ শস্যৰ এমএছপি ঘোষণা কৰে ঠিকেই; কিন্তু চৰকাৰে যিবোৰ শস্য কিনে, তাৰ বাহিৰে আৰু কোনো শস্য‌ৰেই কৃষকসকলে বজাৰত এমএছপি লাভ নকৰে ।

এমএছপি-তকৈ কম মূল্যতেই শস্য বিক্রী কৰিবলগীয়া হয় । এমএছপি-ক কৃষকসকলৰ আইনী অধিকাৰ কৰি তোলাৰ ব্যৱস্থা কৰিব লাগিব । কৃষকসকলৰ মতে, মাত্র ছয় শতাংশ কৃষকে চৰকাৰক নির্ধাৰিত এমএছপি-ত শস্য বিক্রী কৰিছে, বাকী ৯৪ শতাংশ কৃষকে এমএছপি পোৱা নাই । কৃষকসকলক দৰ নিৰ্ধাৰণৰ বিষয়ত হোৱা বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহে জনাইছিল, চৰকাৰে ২৩ বিধ শস্য এমএছপি-ত কিনিব পাৰিব । এই ক্ষেত্ৰত চৰকাৰৰ বছৰি প্রায় ১৭ লাখ কোটি টকা ব্যয় হ’ব । কেন্দ্রীয় চৰকাৰৰ মুঠ বাজেট ৩৪ লাখ কোটি টকা । কৃষক নেতাসকলৰ ব্যাখ্যা, তেওঁলোকে চৰকাৰক সমস্ত শস্য কিনিবলৈ কোৱা নাই । কৃষকসকলে যাতে বজাৰত চৰকাৰ ঘোষিত এমএছপি পায়, সেয়া নিশ্চিত কৰিবলৈ কৈছে ।

প্রধানমন্ত্রীলৈ লিখা পত্ৰত মর্চা নেতাসকলে জনাইছে, “আপোনাৰ বক্তৃতাত এই সমূহ দাবীক লৈ কোনো নির্দিষ্ট ঘোষণা নথকাৰ বাবে কৃষকসকল হতাশ হৈছে । কৃষকসকলৰ আশা আছিল, এই ঐতিহাসিক আন্দোলনত কেৱল তিনি কৃষি আইন প্রত্যাহাৰে নহয়, কৃষকসকলৰ পৰিশ্রমৰ মূল্যৰ আইনী গেৰেন্টিও পাব ।” কৃষিমন্ত্রী টোমৰে প্রধানমন্ত্রীৰ ঘোষণাৰ পাছত জনায়, এমএছপি বিষয়ত কমিটী তৈয়াৰ কৰা হ’ব । কৃষকসকলে সেই বৈঠকত নিজৰ প্রতিনিধি পঠাব । ধান-গমৰ বাহিৰে অন্য শস্যৰ খেতিত জোৰ দিবলৈও কমিটী তৈয়াৰৰ ঘোষণা কৰিছে কেন্দ্র‌ই । কৃষকসকলে এই বিষয়ত পেকেজৰ দাবী জনাইছে ।

লখিমপুৰ খেৰিত কৃষকসকলক হত্যাৰ ঘটনাত অভিযুক্ত গৃহ প্রতিমন্ত্রী অজয় মিশ্র টেনিক শনিবাৰে লক্ষ্ণৌ ডিজিপি-সন্মিলনত প্রধানমন্ত্রী আৰু অমিত শ্বাহৰ স’তে দেখা গৈছিল । তেওঁক পদচ্যুত আৰু গ্রেপ্তাৰ কৰাৰ দাবী জনাই মর্চাৰ অভিযোগ, তেওঁক আপোনাৰ আৰু প্রবীণ মন্ত্রীসকলৰ স’তে একেই মঞ্চত দেখিবলৈ পোৱা গৈছে । আজি অৱশ্যে সন্মিলনৰ শেষত গ্রুপ ছবিত প্রধানমন্ত্রী আৰু গৃহমন্ত্রীৰ কাষত অন্য দুই গৃহ প্রতিমন্ত্রী নিশীথ প্রামাণিক আৰু নিত্যানন্দ ৰাইক দেখা গ’লেও টেনিক দেখা নাযায় ।

শুকুৰবাৰে প্রধানমন্ত্রীয়ে তেওঁৰ বক্তৃতাত কৃষকসকলক ঘৰত উভতি যাবলৈ অনুৰোধ কৰিছিল । মর্চা নেতাসকলে তেওঁক মুকলি পত্ৰত জনাইছে, “আপুনি বিশ্বাস কৰক, আমাৰ পথত বহি থকাৰ কোনো চখ নাই । আমিও বাকী সমস্যা সমাধান কৰি শীঘ্ৰে ঘৰত উভতিব বিচাৰো । চৰকাৰেও সেয়া বিচাৰিলে, বাকী বিষয়সমূহক লৈ কৃষকসকলৰ স’তে আলোচনাত মিলিত হ‌ওক । তেতিয়ালৈ আগৰ দৰেই কার্যসূচী অব্যাহত থাকিব ।” কৃষক সংগঠনসমূহৰ ঘোষিত কার্যসূচী মানিয়ে সোমবাৰে লক্ষ্ণৌত কিষাণ মহাপঞ্চায়ত বহে । ২৬ নৱেম্বৰত কৃষক আন্দোলনৰ বর্ষপূর্তিত দিল্লীৰ সীমান্তত সমাবেশ হ’ব । ২৯ নৱেম্বৰত সংসদ অভিযানৰ কার্যসূচীও অটুট থাকিব । অৱশ্যে ইয়াৰ আগতে ২৭ নৱেম্বৰত পুনৰ পৰিস্থিতিৰ পর্যালোচনাত মর্চাৰ বৈঠক অনুষ্ঠিত হ’ব ।

Exit mobile version