আমেৰিকাৰ সবাতােকৈ জ্যেষ্ঠ ৰাষ্ট্রপতি জ’ বাইডেনৰ ৰাজনৈতিক চমক হ্রাস পালেও ২০২৪ৰ মার্কিন ৰাষ্ট্রপতি নির্বাচনত আকৌ এবাৰ ডেমক্রেটিক দলৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰিব বিচাৰে বৰ্তমানৰ ৰাষ্ট্রপতিজনে।
বাইডেনৰ বৰ্তমানৰ বয়স ৭৯ বছৰ আৰু আমেৰিকাৰ ইতিহাসত তেৱে হৈছে সবাতােকৈ বয়স্ক ৰাষ্ট্রপতি। হােৱাইট হাউছৰ প্ৰেছ সচিব জেন পাস্কিয়ে প্রকাশ কৰা অনুসৰি, বাইডেনে ২০২৪ৰ ৰাষ্ট্রপতি নির্বাচনত পুনৰ প্রার্থী হিচাপে থিয় দিব।
২০২৪ৰ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত বৰ্তমানৰ উপ-ৰাষ্ট্রপতি কমলা হেৰিছে ডেমক্রেটিক দলৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে বুলি চর্চিত হােৱাৰ সময়তে হােৱাইট হাউছে প্ৰকাশ কৰিলে যে ২০২৪ৰ ৰাষ্ট্রপতি নির্বাচনতাে অংশ ল’ব বাইডেনে।