DIY Skin Care : শীতকালত ছাল ৰুক্ষ হৈছে ? মানি চলক এইকেইটা নিয়ম

q3hg62bo coconut oil

শীতকাল অহাৰ লগে লগেই ইতিমধ্যে ছাল ৰুক্ষ হ’বলৈ আৰম্ভ কৰে। কিন্তু শীতকালৰ ছালৰ এই ৰুক্ষতাৰ পৰা হাত সাৰিবলৈ কেইটামান উপায় আছে।যিকোনো বয়সতে এনেদৰে ছালৰ যত্ন ল’ব পাৰি।

এই উপায়সমূহ কি কি ?

★ বজাৰত বৰ্তমান চলিত ময়েশ্চাৰাইজাৰৰ তুলনাত ছাল কোমল আৰু মসৃণ কৰি ৰাখিবলৈ নাৰিকল তেল, মৌ আৰু অলিভ অইল ব্যৱহাৰ কৰিব।

★ মেট লিপষ্টিক বা মেট ব্লাশ্বে ছালখন অধিক শুকান কৰি তোলে। শীতকালত সেইবোৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।

★ ওঁঠযোৰ আদ্ৰ কৰি ৰখা লিপ বাম ব্যৱহাৰ কৰক।

★ ছাল ৰুক্ষতাৰ পৰা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত এলোভেৰা জেল আটাইতকৈ কাৰ্যকৰী ।

★ শীতকালৰ ছালৰ যত্নত গ্লিচাৰিন ব্যৱহাৰ কৰিব। গ্লিচাৰিনত অলপ পানী মিহলি কৰি ছালত প্ৰয়োগ কৰিব পাৰে । ই ছালৰ ৰুক্ষতা ভাব দূৰ কৰে।

Exit mobile version