Ginger Coffee: আদা দি কফি বনাই খাইছে কেতিয়াবা ? কি হয় এই পানীয় খালে

chukku kappi

বহুলোকে শীতকালত আদা চাহ খাই ভাল পায়। জ্বৰ চৰ্দি হ’লেটো কথাই নাই । আদা চাহৰ দৰে আৰাম অতি কম পানীয়ে দিব পাৰে। আদাত আছে প্ৰদাহ হ্ৰাস কৰোৱাৰ ক্ষমতা ।আদাৰ বিভিন্ন উপকাৰিতাও আছে ।বিভিন্ন খাদ্যত আদা যোগ কৰি খাব পাৰে।

কিন্তু আপুনি জানেনে আদাৰ স’তে কফি খোৱাৰ কথা ?

শীতকালত এই পানীয়ই আৰাম দিয়ে । কফি আৰু আদাৰ প্ৰদাহ হ্ৰাস কৰাৰ শক্তিয়ে এই সময়ত শৰীৰ গৰম ৰখাত সহায় কৰে। একে সময়তে, ই শৰীৰক আন কে’বাটাও সমস্যাৰ পৰা মুক্ত ৰাখে।

কি কি সমস্যা সমাধান কৰে আদা কফিয়ে?

আদা আৰু কফিৰ বিভিন্ন উপাদান মিলি মানসিক চাপ দূৰ কৰে । ইয়াৰ উপৰিও, ডিঙিৰ বিষ বা মাইগ্ৰেইনৰ বিষৰ সময়তো আদা কফী উপযোগী হয়।

কি দৰে তৈয়াৰ কৰিব আদা কফি ?

এটা পাত্ৰত পানী লৈ তাত কেইটুকুৰামান আদা যোগ দিব। এইবাৰ আদাৰ আৰু পানীখিনি ভালদৰে উতলাই ল’ব। কিছু সময়ৰ পাছত, সেই গৰম পানীত কফি মিহলি কৰক আৰু গৰমে গৰমে পৰিৱেশন কৰক। খোৱাৰ আগতে ইয়াত এক চামুচ মৌ যোগ দিলে অধিক কাৰ্যকৰী হ’ব এই পানীয়।

Exit mobile version