Narendra Modi : প্ৰমাণপত্ৰত মোদীৰ ছবি কিয়, অভিযোগ কেৰালা উচ্চ ন্যায়ালয়ত

ক’ভিড-প্রতিষেধকৰ প্ৰমাণপত্রৰ পৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ছবি প্ৰত্যাহাৰ কৰাৰ দাবীত গোচৰ ৰুজু কৰিলে এজন যুৱকে । এই গোচৰত মঙলবাৰে কেৰালা চৰকাৰ আৰু কেন্দ্রৰ মতামত জানিব বিচাৰিলে উচ্চ ন্যায়ালয়ে ।

পিটাৰ ময়ালিপাৰম্পিল নামৰ লোকজনৰ অভিযোগ, তেওঁৰ ক’ভিড প্রতিষেধকৰ প্ৰমাণপত্রত প্রধানমন্ত্রীৰ ছবি মৌলিক অধিকাৰৰ পৰিপন্থী । ন্যায়াধীশ এন নাগাৰেশে আবেদনত মান্যতা দি এই বিষয়ত কেন্দ্র আৰু কেৰালা চৰকাৰৰ অৱস্থান জানিব বিচাৰে জাননী দিছে । কোৱা হৈছে, পৰৱর্তী শুনানিৰ আগতে সেয়া হলফনামাৰ আকাৰত জমা দিব লাগিব ।

আবেদনকাৰীয়ে জনায়, তেওঁ বেচৰকাৰী হাস্পাতালৰ পৰা প্রতিষেধকৰ দুটা ডোজ লৈছে । সেয়ে তেওঁৰ প্ৰমাণপত্র ব্যক্তিগত তথ্যযুক্ত ‘নিজস্ব পৰিসৰ’ । তাত অনুপ্রৱেশ মানি ব্যক্তি-পৰিসৰ উল্লংঘন কৰা হৈছে । আবেদনপত্রত আমেৰিকা, ইজৰায়েল, জার্মানিসহ বিভিন্ন দেশৰ ক’ভিড টিকাৰ প্ৰমাণপত্রৰ ছবি সংযোগ কৰিছে পিটাৰে । জনায় যে, এই দেশসমূহৰ প্ৰমাণপত্রত কোনো ৰাষ্ট্রনেতাৰ ছবি নাই । এই তথ্যৰ-অধিকাৰ কর্মচৰীজনৰ দাবী, কেন্দ্রীয় চৰকাৰৰ পৰা বিচৰা প্রধানমন্ত্রীৰ ছবি নোহোৱা প্ৰমাণপত্রৰ প্ৰত্যুত্তৰ পোৱা নাই ।

২০১৫ত সর্বোচ্চ আদালতে এটা নির্দেশত জনাইছিল, চৰকাৰী খৰচত প্রকাশিত বিজ্ঞাপনত কোনো নেতা-মন্ত্রীৰ ছবি দিয়া নহ’ব । কেন্দ্র আৰু কিছুসংখ্যক ৰাজ্য চৰকাৰৰ আবেদনৰ ভিত্তিত সেয়া পুনর্বিবেচনা কৰা হয় । ২০১৬ত শীর্ষ আদালতে জনায়, প্রধানমন্ত্রী, মুখ্যমন্ত্রী, আৰু কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্রীৰ ছবি বিজ্ঞাপনত দিব নোৱাৰিব ।

পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ আগতে কিছু চৰকাৰী বিজ্ঞাপনৰ লগতে ক’ভিড-টিকাৰ প্ৰমাণপত্রত প্ৰধানমন্ত্ৰী মোদীৰ ছবি থকাক লৈও নির্বাচন কমিছনত অভিযোগ কৰিছিল তৃণমূলে । কমিছনে নতুনকৈ নির্দেশ দিয়ে, নির্বাচনী বিধিৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিমবংগ, তামিলনাডু, অসম, কেৰালা আৰু পুদুচেৰিত মোদীৰ ছবি দিয়া কৰ’না টিকাৰ প্ৰমাণপত্র দিয়া নহ’ব । কেন্দ্রৰ তৰফৰ পৰা দাবী কৰা হয়, টিকা লোৱাৰ পাছতো সকলোৱে যাতে ক’ভিড-বিধি অনুসৰণ কৰে, সেই বার্তা দিবলৈ প্রধানমন্ত্রীৰ ছবি ব্যৱহাৰ কৰা হৈছে ।

পশ্চিমবংগত তৃণমূলে ক্ষমতাত অহাৰ পাছত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা দিয়া ক’ভিড-টিকাৰ প্ৰমাণপত্রত মুখ্যমন্ত্রী মমতা বন্দ্যোপাধ্যায়ৰ ছবি আৰু বার্তা থাকিব বুলি জনোৱা হয় । প্ৰমাণপত্রত প্রধানমন্ত্রীৰ সলনি মুখ্যমন্ত্রীৰ ছবি দিয়াক লৈও বিতর্কৰ সৃষ্টি হয় ছত্তীশগঢ় আৰু ঝাৰখণ্ডত ।

Exit mobile version