Oil Prices : ইন্ধনৰ মূল্য হ্ৰাস কৰিবলৈ পাঁচ কোটি বেৰেল তেল অনুমোদন কৰিব আমেৰিকাই, ঘোষণা বাইডেনৰ

petrol pump

দেশত তেল আৰু গেছৰ দৰে ইন্ধনৰ ক্রমবর্ধমান মূল্যবৃদ্ধি ৰোধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে । মঙলবাৰে বাইডেনে জনাইছে, আমেৰিকাৰ জনসাধাৰণৰ বাবে তেল আৰু গেছৰ মূল্য কম কৰিবলৈ দেশৰ পেট্র’লিয়াম ভাণ্ডাৰৰ পৰা পাঁচ কোটি বেৰেল তেল অনুমোদন কৰা হ’ব । ফলত দেশখনত ইন্ধনৰ মূল্য কমিব বুলি ধাৰণা কৰিছে অধিকাংশই । লগতে, বিশ্বজুৰি ইন্ধনৰ মূল্যতো প্রভাৱ পৰিব পাৰে বুলি ধাৰণা কৰা হৈছে । অৱশ্যে, ভাৰতত কেতিয়া তেলৰ মূল্য হ্ৰাস পাব, তাক লৈ প্রশ্ন উত্থাপন হৈছে ।

মঙলবাৰে টুইটাৰত বাইডেনে লিখে, ‘আমেৰিকান পৰিয়ালসকলৰ বাবে তেল আৰু গেছৰ মূল্য কমাবলৈ পদক্ষেপৰ কথা আজি ঘোষণা কৰিছো । আমেৰিকাবাসীৰ বাবে ষ্ট্ৰেটেজিক পেট্র’লিয়াম ৰিজার্ভৰ পৰা পাঁচ কোটি বেৰেল তেল অনুমোদন দিব শক্তি মন্ত্রণালয়ে, যাতে তেল আৰু গেছৰ মূল্য কম কৰিব পাৰি ।’

বাইডেনৰ এই সিদ্ধান্তত আমেৰিকাৰ জনসাধাৰণে যথেষ্ট সকাহ পাব বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে । বিগত সাত বছৰত আমেৰিকাত তেলৰ মূল্য সর্বোচ্চ বৃদ্ধি পাইছে । আমেৰিকান অটোমোবাইল এছ’চিয়েচন-এ জনাইছে, সোমবাৰে এক গেলন তেলৰ মূল্য‌ই ৩.৪০৯ ডলাৰ চুইছে । ভাৰতীয় মুদ্রাত যি প্রায় ২৫৪ টকা । অথচ কিছু বছৰ আগতেও ইয়াৰ মূল্য আছিল প্রতি গেলন ২.১১ ডলাৰ (ভাৰতীয় মুদ্রাত প্রায় ১৫৭ টকা) । বাইডেনৰ এই ঘোষণাৰ পাছত এটা বিবৃতিত হোৱাাইট হাউছৰ প্রতিশ্রুতি, ‘তেলৰ মূল্য কম কৰিবলৈ প্রয়োজনত অতিৰিক্ত পদক্ষেপ লোৱা হ’ব ।’

বাইডেনেৰ এই পদক্ষেপক স্বাগত জনাইছে বিশেষজ্ঞসকলে । বিনিয়োগকাৰীসকলৰ পৰামর্শদাতা সংস্থা ‘এগেন কেপিটেল’ৰ স্বত্বাধিকাৰী জন কিলডাফৰ মতে, ‘‘তেলৰ মূল্য কমাবলৈ এইটো অত্যন্ত সময়োচিত পদক্ষেপ । শীতকালৰ আগতে উৎপাদনৰ সমস্যা কম কৰিবলৈ এই অতিৰিক্ত তেলৰ যোগান সহায়ক হ’ব ।’’

আমেৰিকাত তেলৰ মূল্য নিম্নমুখী হোৱাৰ সম্ভাৱনা থাকিলেও ভাৰতত কেতিয়া সেই সুদিন আহিব তাক লৈ প্রশ্ন উত্থাপিত হৈছে । কলকাতাসহ দেশৰ চাৰিখন মেট্র’ চহৰত পেট্ৰ’লৰ মূল্য প্রতি লিটাৰত এশ টকা অতিক্ৰম কৰিছে ।

Exit mobile version