‘কা’ ক’ভিডৰ পাছত পুনৰ ঠন ধৰি উঠিছে ৰাজ্যৰ পৰ্যটন উদ্যোগ

দেশী-বিদেশী পৰ্যটকৰ আগমন ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ সমূহলৈ

3 9

ক’ভিড সৃষ্ট পৰিৱেশৰ পাছত লাহে লাহে পুনৰ ঠন ধৰি উঠিছে ৰাজ্যৰ পৰ্যটন উদ্যোগটো । অসম তথা উত্তৰ পূৱৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহলৈ দেশৰ বিভিন্ন স্থানৰ পৰা পৰ্যটকৰ সোঁত বৈছে । যাৰ বাবে পৰ্যটন উদ্যোগটোলৈ নতুন আশাৰ সঞ্চাৰ হৈছে ।

অসম পৰ্যটন বিভাগ, বন বিভাগ তথা ট্যুৰ অপাৰেটৰ আৰু ট্ৰেভেল এজেঞ্চিয়ে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰাই ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰসমূহলৈ পৰ্যটকৰ আগমন হোৱা বুলি জানিবলৈ দিয়ে । ইয়াৰ মাজতে কেইমাহমান ক’ভিডৰ বাবে পৰ্যটকৰ সোঁত থমকি ৰৈছিল যদিও অক্টোবৰ মাহৰ পৰা পুনৰ ব্যাপক হাৰত পৰ্যটকৰ আগমন হৈছে বুলি সদৰী কৰে ।

অসমৰ অভয়াৰণ্য সমূহলৈ দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহিছে বুলি এই সূত্ৰ সমূহে জানিবলৈ দিয়ে । বিশেষকৈ কাজিৰঙাকে ধৰি অন্যান্য পৰ্যটন থলীলৈ আহিছে ২০-৩০ জনীয়া কেইবাটাও পৰ্যটকৰ দল । বন বিভাগৰ পৰা পোৱা তথ্য অনুসৰি এইবেলি বেছি সংখ্যকেই হৈছে ‘ৱাইল্ড লাইফ টুৰিষ্ট’ ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২০১৭-১৮ চনত ভাৰতীয় পৰ্যটকৰ সংখ্যা আছিল ১,৭৯,৮৩৯ আৰু বিদেশী পৰ্যটক ৮,৫৩৭ গৰাকী ৷ মুঠ ১,৮৮, ৩৭৬ পৰ্যটকৰ বিপৰীতে কৰ সংগ্ৰহ হৈছে ৫,৬০,৬৬,৭৯৫ টকা। তেনেদৰে ২০১৮-১৯ ত ভাৰতীয় পৰ্যটক আছিল ১,৬৮,৯৭১ আৰু বিদেশী পৰ্যটক ৭,৪৪৩ ৷

মুঠ ১,৭৬,৪১৪ পৰ্যটকৰ বিপৰীতে কৰ সংগ্ৰহ হয় ৪,৮২,৭২,৭৮৯ টকা । ইপিনে ২০১৯-২০ বৰ্ষত ভাৰতীয় পৰ্যটকৰ সংখ্যা ১,৬২,৪১৮ আৰু বিদেশী পৰ্যটক সংখ্যা ১১,৫৯৫ জন । মুঠ পৰ্যটক ১,৭৪,০১৩ৰ বিপৰীতে কৰ সংগ্ৰহ হৈছে ৪,৮২,৫৬,৮৯১ টকা । সেইদৰে ২০২০-২১ত ভাৰতীয় পৰ্যটকৰ সংখ্যা ১,৮১,৮১২ জন আৰু বিদেশী পৰ্যটকৰ সংখ্যা মুঠ ৪৭৯ জন ৷

মুঠ পৰ্যটক ১,৮২,২৯১ গৰাকীৰ বিপৰীতে কৰ সংগ্ৰহ হয় ৩, ৫৪,৩৯,২৭১ টকা। একেধৰণে ২০২১- ২২ বৰ্ষত বৰ্তমানলৈ ভাৰতীয় পৰ্যটক ৬০,০২৩ আৰু বিদেশী পৰ্যটক ২২৭ জন মুঠ ৬০,২৫০ পৰ্যটক অহাৰ লগতে কৰ সংগ্ৰহ হৈছে ১,৩৫,২১,৬৯১ টকা । সেই বৰ্ষত ১,০৬,৬৩,৫০০ । ইয়াৰ বিপৰীতে, ২০১৯-২০ বৰ্ষত মুঠ ৪৫,১৪৩ গৰাকী পৰ্যটক আহিছিল । তাৰ ভিতৰত ৭২১ গৰাকী আছিল বিদেশী পৰ্যটক । সেই বৰ্ষত ১,০২,০১,৯১৭ টকা কৰ সংগ্ৰহ হৈছিল । লক্ষণীয় যে কাজিৰঙা লৈ অক্টোবৰ মাহত আগমন হোৱা মুঠ পৰ্যটকৰ সংখ্যা হৈছে ১৮,৪০৪ জন ।

ইয়াৰে ২৮ গৰাকী বিদেশী পৰ্যটক । ইপিনে মানাহলৈ ২০২০- ২১(অক্টোবৰ-মাৰ্চ) বৰ্ষত মুঠ ৫৫২৭৯ পৰ্যটকৰ ভিতৰত ৭ গৰাকী বিদেশী পৰ্যটক আহিছে । উক্ত তিনি মাহত কৰ সংগ্ৰহ হৈছে ১,২৪,৯৭,২৯০ টকা । বৰ্তমানেও মানাহলৈ বিপুল হাৰত পৰ্যটকৰ সোঁত অব্যাহত আছে । অসম তথা উত্তৰ পূৱৰ পৰ্যটন ক্ষেত্ৰ সমূহলৈ দেশী বিদেশী পৰ্যটকৰ আগ্ৰহ বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে নেটৱৰ্ক ট্ৰেভেলচৰ মহাপ্ৰবন্ধক হেমন্ত দাসে ।

ক’ভিডৰ পাছত অসম তথা উত্তৰ পূৱৰ পৰ্যটন থলীসমূহৰ বহু তথ্য বিচাৰি পৰ্যটকে তেওঁলোকৰ ৱেবছাইটত অনুসন্ধান চলায় । সেই অনুসৰি নেটৱৰ্ক ট্ৰেভেলছে পেকেজ দিয়াৰ চেষ্টা কৰিছে যদিও বহু পৰ্যটকক তেওঁলোকে নিৰাশ কৰিব লগা হৈছে বুলি জানিবলৈ দিয়ে । কিয়নো বহু সময়ত পৰ্যটকে বিচৰা ধৰণৰ হোটেল-ল’জ উপলব্ধ নহয় ।

মহাপ্ৰবন্ধক দাসে দৈনিক অগ্ৰদূত’ক এই সন্দৰ্ভত কয় ‘ আমি সুখী যে পুনৰ ৰাজ্যলৈ পৰ্যটক আহিবলৈ লৈছে । ‘কা’ আন্দোলনৰ পিছত ক’ৰণাই সৃষ্টি কৰা পৰিৱেশৰ বাবে যোৱা দুবছৰ পৰ্যটন ক্ষেত্ৰখনত পৰ্যটকৰ সংখ্যা হ্ৰাস পাইছিল । বহু পৰ্যটকে আধাতে উভতি গৈছিল । যোৱা দুটা বছৰত কৰ’নাৰ প্ৰভাৱ আছিল ।

মাজতে পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত পৰ্যটক আহিবলৈ লৈছিল যদিও পুনৰ তলাবন্ধ হয় । যদিও উত্তৰ পূৰ্বাঞ্চল কৰ’নাৰ প্ৰভাৱৰ পৰা কিছু পৰিমানে মুক্ত আছিল কিন্তু বহিঃৰাজ্যত ইয়াৰ প্ৰভাৱ আছিল অতি ভয়াবহ ।

এতিয়া দেশত পৰিবেশ কিছু উন্নত হৈছে । দুৰ্গা পূজাৰ সময়ৰ পৰা পুনৰ পৰ্যটক আহিবলৈ লৈছে । অলপতে কোৰিয়ান এম্বেচি’ৰ পৰা এটা ন জনীয়া দল আহিছিল । তেওঁলোকে পবিতৰাত জীপ চাফাৰী কৰে । ডাম্পিং গ্ৰাউণ্ডত বৰটোকোলা চোৱাৰ লগতে কামাখ্যা মন্দিৰো দৰ্শন কৰে । অক্টোবৰৰ পৰা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে । পূৰ্বতে অক্টোবৰত ভাৰতীয় পৰ্যটক আৰু নৱেম্বৰত বিদেশী পৰ্যটক সকলে উত্তৰ-পূৱ চাবলৈ আহিছিল ।

এইবাৰ বিদেশী পৰ্যটকৰ সংখ্যা কম যদিও গুজৰাট, মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধপ্ৰদেশ আদি ৰাজ্যৰ পৰা দেশীয় পৰ্যটক যথেষ্ঠ পৰিমাণে আহিছে । কাজিৰঙা, মানাহ, পবিতৰা, মাজুলি, অৰুণাচল ,শ্বিলং আদিলৈ যাবলৈ খুব আগ্ৰহ দেখুৱাইছে পৰ্যটক সকলে ।

নৱেম্বৰ মাহত বৰ্তমান পৰ্যন্ত ১০০ ৰো অধিক পৰ্যটক আহিছে । পূৰ্বৰ তুলনাত এইবাৰ ভাৰতীয় পৰ্যটকৰ সংখ্যা বাঢ়িছে ৷ ইয়াৰোপৰি , ডিচেম্বৰত পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক বুলিও মন্তব্য কৰে বিষয়া গৰাকীয়ে ।

Exit mobile version