তালিবান শাসনত বন্ধ হ’ল ২৫৭ আফগান সংবাদ প্ৰতিষ্ঠান

media afghan exit 16294301823x2 1

আফগানিস্তানত তালিবানে চৰকাৰৰ পতন ঘটাই পুনৰ দখল কৰাৰ পাছৰে পৰা বৰ্তমানলৈকে দেশখনত ২৫৭ সংবাদ প্রতিষ্ঠান বন্ধ হ’ল।

মূলতঃ বিত্তীয় সংকট আৰু নিষেধাজ্ঞাৰ পৰিণতিতে এইসমূহ সংবাদ প্রতিষ্ঠানে কার্যালয় বন্ধ ৰাখিবলৈ বাধ্য হৈছে।তালিবানৰ ক্ষমতালৈ আগমনৰ পাছত বন্ধ হােৱা সংবাদ মাধ্যমসমূহৰ মাজত বাতৰি কাকত, ৰেডিঅ’ আৰু টিভি চেনেল আছে।

এন এ আইৰ তথ্য অনুসৰি, যােৱা ১৫ আগষ্টত তালিবানে কাবুল দখল কৰাৰ পাছৰে পৰা বৰ্তমানলৈকে ৭০ শতাংশৰাে অধিক আফগান সংবাদ কর্মী সংস্থাপনহীন হ’ল।

ইয়াৰে একাংশ সংবাদকর্মীয়ে স্বদেশ ত্যাগ কৰিবলৈকো বাধ্য হ’ল। তালিবানৰ এশদিনীয়া শাসন কালত এতিয়ালৈকে আফগানিস্তানত ছজন সাংবাদিকৰ মৃত্যু হৈছে।

Exit mobile version