ভাৰতত বুষ্টাৰ প্ৰতিষেধকৰ প্ৰয়োজন নাই, তৃতীয় ঢৌৰো সম্ভাৱনা ক্ষীণ : ডাঃ গুলেৰিয়া

AI

ভাৰতত এই মুহূর্তত ক’ভিড-১৯ প্রতিষেধকৰ বুষ্টাৰ পালিৰ প্ৰয়ােজন নাই, টিকাকৰণ প্রক্রিয়া অধিক দ্রুত কৰাটোহে জৰুৰী হৈছে।

ADVERTISEMENT

এই মন্তব্য প্রকাশ কৰিলে অখিল ভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান (এইমছ) নতুন দিল্লীৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই।

বিগত ছেপ্টেম্বৰ-অক্টোবৰত ভাৰতত কৰ’নাৰ তৃতীয়টো ঢৌৰ আগমন ঘটিব বুলি পূর্বে স্বাস্থ্য বিজ্ঞানীসকলে শংকা প্রকাশ কৰিছিল। কিন্তু বর্তমানলৈকে দেশত তৃতীয় টৌৰ কোনাে লক্ষণ প্রকট হােৱা নাই।

বৰঞ্চ ক’ভিডৰ দৈনিক সংক্রমণ লাহে লাহে অৱনমিত হ’বলৈ ধৰিছে। ডাঃ গুলেৰিয়াৰ মতে, ভাৰতত কৰ’নাৰ তৃতীয় টৌ বিয়পি পৰাৰ সম্ভাৱনা প্রতিদিনে হ্রাস পাবলৈ ধৰিছে।

ডাঃ গুলেৰিয়াই কয়, ‘টিকাকৰণ এতিয়া বহু অঞ্চলত মন্থৰ হৈছে। কিন্তু ইয়াৰ পাছতাে সংক্ৰমণৰ ব্যাপকতা দৃষ্টিগােচৰ হােৱা নাই।

এইসমূহৰ পৰা বুজিব পাৰি যে বর্তমানে ভাৰতত ক’ভিড-১৯ৰ প্রতিষেধকৰ বুষ্টাৰ পালিৰ প্রয়ােজন নাই। অৱশ্যে ভৱিষ্যতে আমাক বুষ্টাৰ পালিৰ প্রয়ােজন হ’ব পাৰে। কিন্তু এতিয়াই ই জৰুৰী নহয়। ‘

এইমছ মুৰব্বীয়ে পৰামর্শ দি লগতে কয়, আমি সুৰক্ষিত। প্রতিষেধক দুপালি যাতে দেশৰ সকলাে মানুহে গ্ৰহণ কৰে সেই বিষয়ত আমি গুৰুত্ব দিব লাগিব।

ভাৰতত পর্যাপ্ত পৰিমাণত টিকাকৰণ হ’লে আমি ক’ভিডৰ পৰা সুৰক্ষিত থাকিম। টিকাকৰণৰ হাৰ বৃদ্ধিৰ লগে লগে মানুহৰ মাজত প্রতিষেধকক লৈ দ্বিধাবােধ নােহােৱা হৈছে।

সংক্রমণ,চিকিৎসাধীন ৰােগীৰ সংখ্যা আৰু মৃত্যু এতিয়া নিম্নমুখী। কৰ’নাৰ তৃতীয় ঢৌৰ সম্ভাৱনা প্রতিদিনে হ্রাস পাইছে। অৱশ্যে সংক্রমণ সম্পূৰ্ণৰূপে আঁতৰি নাযায়।

স্থানীয়ভাৱে কৰ’নাৰ সংক্রমণ থাকিব। কিন্তু ই প্রথম বা দ্বিতীয় ঢৌৰ দৰে পুনৰ সর্বগ্রাসী ৰূপ ধাৰণ কৰাৰ শংকা সীমিত।

Exit mobile version