শীঘ্ৰেই পূৰণ কৰা হ’ব স্বাস্থ্যবিভাগত খালী থকা চিকিৎসকৰ পদ : স্বাস্থ্যমন্ত্ৰী

মন্ত্ৰী কেশৱ মহন্ত-যোগেন মোহনৰ ছাডেন ভিজিট, চৰকাৰী আঁচনিৰ ধন লাভৰ বুজ ল'লে মন্ত্ৰীদ্বয়ে

ভৱানীপুৰ সমষ্টিৰ বিভিন্ন হিতাধিকাৰীৰ ঘৰত আজি উপস্থিত হয় অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু ৰাজহ মন্ত্ৰী যোগেন মোহন ৷ এই দুই মন্ত্ৰীয়ে আজি চৰকাৰী আঁচনিৰ সাহাৰ্যসমূহ ভৱানীপুৰ সমষ্টিৰ হিতাধিকাৰীসকলে নিয়মীয়াভাৱে লাভ কৰিছে নে তাৰ বুজ লয় ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি ভৱানীপুৰ অঞ্চলৰ হিতাধিকাৰীসকলৰ বৃদ্ধ পেঞ্চন আৰু অৰুণোদই আঁচনিৰ ধন নিজৰ নিজৰ একাউন্টত সোমাইছে নে নাই নিশ্চিত হ’বলৈ বেংকৰ পাছবুকসমূহ পৰীক্ষা কৰে ।

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে সকলোকে ভেকচিন ল’বলৈ আহ্বান জনাই দুই পালি সম্পূৰ্ণ হ’লেহে ক’ভিডৰ বিৰুদ্ধে যুদ্ধ কৰাৰ এপাত অস্ত্ৰ লাভ কৰা যাব বুলি মন্তব্য কৰে । লগতে তেওঁ ক’ভিডৰ প্ৰায়বোৰ বাধা আৰোপ ইতিমধ্যে শিথিল কৰি দিয়া হৈছে বুলিও কয় ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি প্ৰসংগক্ৰমে স্বাস্থ্য বিভাগত খালি থকা চিকিৎসকৰ পদসমূহ শীঘ্ৰেই পূৰণ কৰা হ’ব বুলিও কয় ৷ ইপিনে, মন্ত্ৰী যোগেন মোহনে ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত তথা বাগসা জিলাৰ শালবাৰী মহকুমাৰ ভালে সংখ্যক হিতাধিকাৰীৰ অৱস্থাৰ বুজ লয় ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শমৰ্মে কালি বঙাইগাঁৱত কেবিনেট হৈ যোৱাৰ পাছত আজি বাগসাৰ শালবাৰীত উপস্থিত হৈ মন্ত্ৰী যোগেন মোহনে অসম চৰকাৰৰ বিভিন্ন ধৰণৰ আঁচনি কেনেধৰণে ৰূপায়ণ হৈছে সেয়া বহু পৰিয়ালৰ ঘৰে ঘৰে গৈ হিতাধিকাৰীৰ পৰা বুজ লয় ৷

মন্ত্ৰীগৰাকীয়ে ক্ষেত্ৰ অধ্যয়ন কৰা সময়ত এটি দুখীয়া পৰিয়ালৰ আইতা এগৰাকীৰ হাতত গাখীৰ কণী খাবলৈ টকা এহেজাৰো আগবঢ়ায় ৷ ক’ভিড ভেকচিন লোৱাৰ ক্ষেত্ৰত কোনো এজন লোকেই যাতে সাৰি যাব নোৱাৰে তাৰ বাবে ঘৰে ঘৰে ভেকচিন দিয়া কাৰ্যও আৰম্ভ হৈ গৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

Exit mobile version