Saif Ali Khan : ম‌ই নগ্ন হ’লে আপুনিও নগ্ন হ’ব লাগিব, কোন পৰিচালকক কৈছিল ছইফে ?

saif ali khan 1200

ছইফ আলি খানৰ ছবিৰ দীর্ঘ তালিকাত উজ্জ্বল ‘ওমকাৰা’ । অনেকে কয়, ‘চোটে নবাব’-ক বলিউডত নতুন পৰিচয় দিছিল বিশাল ভৰদ্বাজ পৰিচালিত এই ছবিখনে । কিন্তু ‘ওমকাৰা’ক লৈ এটা আক্ষেপ থাকি গৈছে ‘লংৰা ত্যাগি’ৰ ।

ছবিৰ গুৰুত্বপূর্ণ এটা দৃশ্যত ছইফক নগ্ন হোৱাৰ কথা কৈছিল বিশালে । এক সাক্ষাৎকাৰত ছইফে এই কথা জানিবলৈ দিয়ে । পৰিচালকে ভাবিছিল, ছইফে নগ্ন হৈ সংলাপ ক’লে দৃশ্যটোৰ তাৎপর্য আৰু স্পষ্ট হৈ উঠিব । অভিনেতাজনৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ দৃশ্যটো কম পোহৰত পাছফালৰ পৰা শ্বুট কৰাৰ কথা ভাবিছিল পৰিচালকজনে । কিন্তু নগ্ন হোৱাৰ প্রস্তাৱত বিশেষ সন্মত নাছিল ছ‌ইফ । তেওঁ চৰ্ত ৰাখিছিল, “ম‌ই নগ্ন হ’লে, আপুনি আৰু চিত্র নির্দেশকে নগ্ন হ’ব লাগিব ।”

কিন্তু ছ‌ইফৰ প্রস্তাৱত মান্তি নহয় বিশাল । ছ‌ইফৰ সন্মুখতে অমান্তি হয় তেওঁ । ইয়াৰ পাছত ছইফেও নগ্ন হৈ কেমেৰাৰ সন্মুখত নাহে ।

এই ছবিখনত ‘লংৰা ত্যাগি’ৰ চৰিত্রত তেওঁক পর্দাত দেখিবলৈ পোৱা গৈছিল । একাধিক পুৰস্কাৰো লাভ কৰিছিল ।

Exit mobile version