Squid Game : ‘স্কুইড গেম’ ছিৰিজ বিক্রী কৰাত মৃত্যুদণ্ড ! ছবি চোৱাৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড ছাত্রক

squid game review

স্কুইড গেম । নেটফ্লিক্সৰ এই ছিৰিজক লৈ সমগ্ৰ বিশ্বতে তোলপাৰ লগাৰ সময়তে এটা মর্মান্তিক খবৰ আহিছে উত্তৰ কোৰিয়াৰ পৰা । স্কুইড গেম ছিৰিজটো বিক্রী কৰাৰ বাবে এজন লোকক মৃত্যুদণ্ড দিলে কিম জং উনৰ প্রশাসনে । ইয়াৰ উপৰি, যিজন ছাত্র‌ই ছিৰিজটো কিনিছিল তেওঁকো যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে বুলি ৰেডিঅ’ ফ্রি এছিয়াৰ প্রতিবেদনত দাবী কৰা হৈছে ।

ৰেডিঅ’ ফ্রি এছিয়া-ৰ প্রতিবেদনত দাবী কৰা হৈছে, এজন লোকে চীনৰ পৰা ছিৰিজটোৰ এটা কপি লুকাই কিনি আনিছিল উত্তৰ কোৰিয়াত । তাৰ পাছত সেইটো পেনড্রাইভত লৈ বিক্রী কৰিছিল । সেই লোকজনৰ পৰা এজন ছাত্রসহ সাতজনে ছিৰিজটো কিনিছিল । বিষয়টো প্রকাশ্যত অহাৰ লগে লগে পদক্ষেপ লয় উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ প্রশাসনে ।

সংবাদ সংস্থা সূত্রে খবৰ, সেই লোকজনক মৃত্যুদণ্ডৰ নির্দেশ দিয়া হৈছে । ফায়াৰিং স্কোয়াডত ঠিয় কৰাই গুলি কৰাৰ উপদেশ দিয়া হৈছে । বাকী এজন ছাত্রক যাৱজ্জীৱন কৰা পাঁচ জনক পাঁচ বছৰৰ সশ্রম কাৰাদণ্ড দিয়া হৈছে । এই ছাত্রসকলে যিখন স্কুলত শিক্ষাগ্ৰহণ কৰে সেই স্কুলৰ শিক্ষক আৰু প্রশাসকক বহিষ্কাৰ কৰাৰ লগতে শাস্তি হিচাপে খনিত কাম কৰাৰ নির্দেশ দিয়া হৈছে বলি এই প্রতিবেদনত প্ৰকাশ ।

তথ্য অনুসৰি, উচ্চ বিদ্যালয়ৰ এজন ছাত্র‌ই গোপনে স্কুইড গেম ছিৰিজটো এজন লোকৰ পৰা কিনি চাইছিল । ভাল লগাত সেই স্কুলৰ আৰু কেইজনমান বন্ধুক বিষয়টো কয় । তেওঁলোকেও স্কুইড গেম চাই । কিন্তু কোনো কাৰণত বিষয়টো প্রকাশ্যত ওলাই পৰে । তাৰ পাছতেই এই ছাত্রসকলৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰে প্রশাসনে ।

নেটফ্লিক্স-ৰ আটাইতকৈ জনপ্রিয় ছিৰিজ স্কুইড গেম । যোৱা ১৭ ছেপ্টেম্বৰত ছিৰিজটো মুক্তি পাইছিল ।

Exit mobile version