ওদালগুৰিত মুকলি মঞ্চত অশ্লীল নৃত্যঃ নিৰ্বিকাৰ আৰক্ষী প্ৰশাসন

যাদু খেলৰ নামত প্ৰশাসনৰ অনুমতি লৈ অশ্লীলতাৰ পোহাৰ

ওদালগুৰি চহৰৰ সমীপৱৰ্তী ভুটুনীদোভাত সংঘটিত হৈছে লজ্জাজনক ঘটনা । মুকলি মঞ্চত অশ্লীল নৃত্য পৰিৱেশনক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ওদালগুৰি জিলাৰ ওদালগুৰি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত সাপমাৰী আৰক্ষী চকী এলেকাৰ ভুটুনীদেভা গাঁৱত সংঘটিত হৈছে এই লজ্জাজনক আৰু ভয়ংকৰ ঘটনা । অঞ্চলটোৰ স্থানীয় ভুটুনীদোভা যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীৰ মুকলি মঞ্চত এনে অশ্লীল নৃত্যৰ পয়োভৰ চলাৰ অভিযোগ উত্থাপিত হৈছে ।

ইতিমধ্যে এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাও দেখিবলৈ পোৱা গৈছে । কিন্তু আশ্চৰ্যজনকভাৱে যুৱক সংঘৰ নেতৃত্ব‌ই জিলা প্ৰশাসনক ভুল তথ্য প্ৰদান কৰি যাদু খেল অনুষ্ঠিত কৰাৰ অনুমতি লৈ মঞ্চত মুকলিকৈ এনে অশ্লীল নৃত্য পৰিৱেশন কৰে । ঘটনা অনুসৰি সংঘটোৰ উদ্যোগত ভুটুনীদুবা বিলপাৰ চ’কত যাদু খেল অনুষ্ঠিত কৰাৰ বাবে সংঘৰ সভাপতি-সম্পাদক ক্ৰমে এইছ আলী আৰু ৰেজাউল হকে বিগত ১৫ নৱেম্বৰ তাৰিখে জিলা উপায়ুক্তলৈ অনুমতিৰ বাবে এক আৱেদন জনাইছিল ।আৱেদনখনত স্পষ্টভাৱে লিখা আছিল যে ২২ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ উক্ত অঞ্চলটোত যাদু খেল অনুষ্ঠিত কৰা হ’ব । কিন্তু জিলা প্ৰশাসনৰ পৰা যাদুখেলৰ অনুমতি লৈ ২৫ নৱেম্বৰৰ নিশা চিত্ৰহাৰ অনুষ্ঠিত কৰাৰ নামত মুকলি মঞ্চত এনে ধৰণৰ উদ্যম অশ্লীল নৃত্য পৰিৱেশন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

কেৱল এয়াই নহয় এই নৃত্য চাই উপস্থিত একাংশ দৰ্শকে উদ্যত চিঞৰ দিয়াৰ লগতে উদযাপন সমিতিৰ বিষয়-ববীয়াইও মাইকযোগে বিভিন্ন অসামাজিক আচৰণৰ ভাষ্য প্ৰদান কৰা দেখা গৈছে । উল্লেখ্য যে যাদু খেল চাবৰ বাবে কাৰ্যসূচীস্থলীত সমবেত কণকণ শিশুসকলৰ সন্মুখত মুকলি মঞ্চত এনে অশ্লীল নৃত্য প্ৰদৰ্শন কৰা কাৰ্যক সৰ্বত্ৰে একেমুখে ধিক্কাৰ দিছে ।

ইয়াৰ পাছতো সমীপতে থকা সাপমাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে নেদেখা ভাও জুৰি থকা ঘটনাই জিলাবাসীৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে । এই ক’ভিড মহামাৰীৰ সময়ছোৱাত নিশা পৰ্যন্ত অনুষ্ঠিত কৰা এনে তথাকথিত অশ্লীল সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ পাছতো স্থানীয় আৰক্ষী প্ৰশাসনে কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে । জিলা প্ৰশাসনৰ পৰা যাদু খেল অনুষ্ঠিত কৰাৰ বাবে অনুমতি লৈ এনেধৰণৰ অশ্লীল নৃত্য অনুষ্ঠিত কৰাৰ পাছতো উদ্যোক্তাসকলৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যণীয় ।

সূত্ৰ অনুসৰি, উদ্যোক্তাই ইতিমধ্যে অনুষ্ঠানৰ মঞ্চখন উক্ত স্থানৰ পৰা আঁতৰাই দিয়ে । এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে এনে নৃত্য চলি থকা সন্দৰ্ভত অৱগত হৈ আমছুৰ শিৱপুৰ লাউদং আঞ্চলিক সমিতিয়ে সাপমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক ফোনযোগে অৱগত কৰি কাৰ্যসূচী বন্ধ কৰিবলৈ আহ্বান জনাইছিল । সংগঠনটোৰ অভিযোগৰ পাছত আৰক্ষী বিষয়াগৰাকীয়ে অনুষ্ঠানটো বন্ধ কৰাৰ আশ্বাস দিও চলি থকাৰ অভিযোগ উত্থাপন কৰি জিলা আৰক্ষী অধীক্ষকক স্মাৰকপত্ৰ প্ৰদান কৰে ।

Exit mobile version