কুল্লু-মনালীতকৈও অধিক শীতল হ’ল ৰাজস্থান, তাপমাত্ৰা দুই ডিগ্ৰীলৈ নামিল

winter weather

নৱেম্বৰৰ চতুৰ্থ সপ্তাহত ৰাজস্থানত প্ৰচণ্ড শীতে স্বাভাৱিক জনজীৱন ব্যাহত কৰিছে । তিনি সপ্তাহ পূৰ্বলৈকে ৰাজ্যখনত তাপমাত্ৰা স্বাভাৱিক আছিল যদিও বৰ্তমানে ৰাজস্থানৰ বিভিন্ন অঞ্চলত তাপমাত্ৰা দুই-তিনি ডিগ্ৰী চেলচিয়াছলৈকে অৱনমিত হৈছে ।

ৰাজ্যখনৰ ছেখাবাটি অঞ্চলত বুধবাৰে তাপমাত্ৰা দুই-তিনি ডিগ্ৰী চেলচিয়াছলৈকে হ্ৰাস পাইছিল । মনালীত সম্প্ৰতি তাপমাত্ৰা তিনি ডিগ্ৰী চেলচিয়াছৰ আশে-পাশে আছে । অৰ্থাৎ এইবাৰ শীতত ৰাজস্থান কুল্লু-মনালীতকৈও অধিক শীতল হৈছে ।

ৰাজস্থানৰ পাহাৰীয়া অঞ্চল মাউণ্ট আবুত বুধবাৰে নিশা তাপমাত্ৰা ১০ ডিগ্ৰী চেলচিয়াছলৈ অৱনমিত হৈছিল । বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি, আগন্তুক কেইটামান দিনত ৰাজ্যখনত তাপমাত্ৰা অধিক অৱনমিত হোৱাৰ সম্ভাৱনা আছে ।

Exit mobile version