দেশত প্ৰথমবাৰলৈ পুৰুষতকৈ অধিক হ’ল মহিলাৰ জনসংখ্যা

১,০০০ পুৰুষৰ বিপৰীতে মহিলাৰ অনুপাত ১,০২০ : চহৰৰ তুলনাত দেশৰ গ্ৰামাঞ্চলত উন্নত হৈছে নাৰী-পুৰুষৰ অনুপাত

ভাৰতত প্ৰথমবাৰৰ বাবে পুৰুষৰ তুলনাত মহিলাৰ জনসংখ্যা বৃদ্ধি পালে । বৰ্তমানে দেশত প্ৰতি ১,০০০ পুৰুষৰ বিপৰীতে মহিলাৰ অনুপাত হৈছে ১,০২০ গৰাকী । দেশৰ স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে জনসংখ্যাৰ ক্ষেত্ৰত এনে এক অভিলেখ ৰচিত হ’ল । প্ৰজননৰ ক্ষেত্ৰতো পুত্ৰ আৰু কন্যা সন্তানৰ অনুপাত পূৰ্বৰ তুলনাত উন্নত হ’ল ।

২০১৫-১৬ বৰ্ষত ভাৰতত সদ্যোজাত সন্তানৰ ক্ষেত্ৰত প্ৰতি ১,০০০টা পুত্ৰ সন্তানৰ বিপৰীতে জন্ম হোৱা কন্যা সন্তানৰ সংখ্যা আছিল ৯১৯ । ২০১৯-২১ বৰ্ষত দেশত পুত্ৰ-কন্যা সন্তানৰ জন্মৰ এই অনুপাত হ’ল প্ৰতি ১,০০০ পুত্ৰৰ বিপৰীতে ৯২৯ কন্যা সন্তান ।

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (এন এফ এইচ এছ-৫)ৰ পৰিসংখ্যাত দেশৰ গাঁও আৰু চহৰৰ নাৰী -পুৰুষৰ অনুপাতো বিশ্লেষণ কৰা হৈছে । সমীক্ষা অনুসৰি নাৰী-পুৰুষৰ অনুপাত চহৰৰ তুলনাত দেশৰ গ্ৰামাঞ্চলত উন্নত হৈছে । দেশৰ গ্ৰামাঞ্চলত প্ৰতি ১,০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১,০৩৭ হোৱাৰ বিপৰীতে চহৰত মহিলাৰ সংখ্যা হৈছে ৯৮৫ গৰাকী ।

ইয়াৰ পূৰ্বে চলোৱা এন এফ এইচ এছ-৪ সমীক্ষাৰ তথ্য অনুসৰি সেই সময়ত ভাৰতত গ্ৰামাঞ্চলত প্ৰতি ১,০০০ পুৰুষৰ বিপৰীতে ১,০০৯ গৰাকী মহিলা আছিল আৰু চহৰত মহিলাৰ অনুপাত আছিল ৯৫৬ গৰাকী ।

Exit mobile version