শাসকীয় দলৰ প্ৰতিনিধিয়ে হ‌ওক বা বিৰোধী দলৰ সকলোৱে সংসদৰ মৰ্যাদাৰ ৰক্ষক : ৰাষ্ট্ৰপতি কোবিন্দ

FFGz19VVkAM APj

‘শাসকীয় দলৰ প্ৰতিনিধিয়ে হ‌ওক বা বিৰোধী দলৰ সকলোৱে সংসদৰ মৰ্যাদাৰ ৰক্ষক’ এই মত ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ । আজি পাৰ্লিয়ামেণ্ট হাউচৰ চেণ্ট্ৰেল হলত ভাৰতীয় সংসদীয় দলৰ সদস্যৰ দ্বাৰা আয়োজিত সংবিধান দিৱসৰ অনুষ্ঠানত তেওঁ এই বক্তব্য ৰাখে ।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, সংসদ ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাৰ শীৰ্ষত । ৰাষ্ট্ৰপতি কোবিন্দে কয় যে, মতৰ ভিন্নতা থাকিব পাৰে; কিন্তু কোনো পাৰ্থক্য ইমান বিশাল হোৱা উচিত নহয় যে জনসেৱাৰ প্ৰকৃত উদ্দেশ্যকে বাধাগ্ৰস্ত কৰে । শাসকীয় দলৰ সদস্য আৰু বিৰোধী দলৰ সদস্য‌ৰ মাজত প্ৰতিদ্বন্দ্বিতা থকাতো স্বাভাৱিক – কিন্তু এই প্ৰতিদ্বন্দিতা আৰু ভাল প্ৰতিনিধি হোৱা তথা জনকল্যাণৰ বাবে আৰু ভাল কাম কৰিবলৈ হোৱা উচিত । তেতিয়াহে ই সুস্থ প্ৰতিযোগিতা হিচাপে বিবেচিত হ’ব । সংসদত হোৱা প্ৰতিদ্বন্দিতাক অৰিয়াঅৰিৰ স’তে বিভ্ৰান্ত কৰা উচিত নহয় । আমি সকলোৱে বিশ্বাস কৰো যে সংসদ ‘গণতন্ত্ৰৰ মন্দিৰ’ । সেয়ে সংসদৰ প্ৰত্যেকজন সদস্যৰ দায়িত্ব তেওঁলোকে তেওঁলোকৰ উপাসনালয়ত যেনে শ্ৰদ্ধাৰ মনোভাৱেৰে আচৰণ কৰে গণতন্ত্ৰৰ মন্দিৰতো তেনে আচৰণ কৰা ।

ৰাষ্ট্ৰপতিগৰাকীয়ে পুনৰ কয় যে, বিৰোধী দল গণতন্ত্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান । কাৰ্যকৰ বিৰোধী দল নাথাকিলে গণতন্ত্ৰ অকাৰ্যকৰী হৈ পৰে । এইটো প্ৰত্যাশিত মে চৰকাৰ আৰু বিৰোধী দলে, তেওঁলোকৰ মতপাৰ্থক্যৰ স্বত্ত্বেও নাগৰিকৰ সৰ্বোত্তম স্বাৰ্থে একেলগে কাম কৰি যাব । আমাৰ সংবিধান প্ৰণেতাসকলে এইটো কল্পনা কৰিছিল আৰু ই ৰাষ্ট্ৰ গঠনৰ বাবেও প্ৰয়োজনীয় ।

ৰাষ্ট্ৰপতি কোবিন্দে লগতে কয় যে, শেহতীয়াকৈ আমি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০তম জন্মবাৰ্ষিকী উদ্‌যাপন কৰিছো । এতিয়া আমি স্বাধীনতাৰ ৭৫তম বাৰ্ষিকী উদ্‌যাপন কৰিছো । এইটো আমাৰ বাবে আনন্দৰ বিষয় যে সমগ্ৰ দেশৰ মানুহে ‘আজাদি কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে আয়োজিত বিভিন্ন কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে । সাধাৰণ নাগৰিকৰ উদ্দীপনাৰ পৰা এইটো স্পষ্ট হয় যে তেওঁলোকৰ হৃদয়ত পৰিচিত-অপৰিচিত মুক্তিযুদ্ধাসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা আছে, যিসকলৰ আত্মত্যাগৰ ফলত আমি স্বাধীনতাৰ বতাহত শ্বাস ল’ব পাৰিছো ।

তেওঁ কয় যে, এই ঐতিহাসিক ঘটনাসমূহক স্মৰণে আমাক সেই মূল্যবোধৰ কথা সোঁৱৰাই দিয়ে যাৰ বাবে আমাৰ মুক্তিযুদ্ধাসকলে যুঁজিছিল । আমাৰ সংবিধানৰ প্ৰস্তাৱনাত ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ মূল্যবোধ সন্নিৱিষ্ট হৈ আছে । তেওঁ সকলোকে আমাৰ দৈনন্দিন জীৱনত সেই মহান ৰাষ্ট্ৰীয় আদৰ্শ অনুসৰণৰ বাবে নিজকে পুনৰ উৎসৰ্গা কৰিবলৈ আহ্বান জনায় । তেওঁ কয়, এই আদৰ্শসমূহ অনুসৰণ কৰি আমি বিশ্ব দৰবাৰত আমাৰ মৰ্যাদা অধিক বৃদ্ধি কৰিব পাৰিম আৰু যিকিনো প্ৰত্যাহ্বানৰ বিৰুদ্ধে কাৰ্যকৰভাৱে যুঁজ দিব পাৰিম ।

Exit mobile version