26/11 Mumbai Attack : কেতিয়াও পাহৰা নাই, ২৬/১১ মুম্বাই সন্ত্রাসৰ বর্ষপূর্তিত বার্তা বৈদেশিকমন্ত্রী জয়শংকৰৰ

taj 800

শুকুৰবাৰে পুৱাই বৈদেশিকমন্ত্রী এছ জয়শংকৰে টুইট কৰে — ‘কেতিয়াও পাহৰা নাই’ । ১২তম বর্ষপূর্তিত মুম্বাই আক্ৰমণ এনেদৰেই স্মৰণ কৰিলে । ইয়াৰ দ্বাৰা তেওঁ বুজালে যে, ২৬/১১ সন্ত্রাসৰ স্মৃতি এতিয়াও বহু ভাৰতবাসীৰ মনত আছে ।

২০০৮ৰ ২৬ নৱেম্বৰৰ নিশাৰ পৰা একেলেথাৰি চাৰি দিন দেশৰ বাণিজ্য ৰাজধানীত সেই তেজৰ স্রোতে সলনি কৰি দিছিল নিৰাপত্তাৰ সামগ্রিক ধাৰণাই । উপকূল পহৰাদাৰিক বুঢ়া আঙুলি দেখুৱাই আৰৱ সাগৰ পাৰ হৈ দক্ষিণ মুম্বাইত প্ৰৱেশ কৰিছিল ১০ সশস্ত্র পাকিস্তানি সন্ত্ৰাসবাদী । শীঘ্ৰেই তেওঁলোক মুম্বাইৰ লিওপোল্ড কাফে, নৰিমেন হাইছ, তাজ হোটেল, ছত্রপতি শিৱাজী বাছ টার্মিনাছ, ট্রাইডেন্ট হোটেল, কামা হাস্পাতালসহ চহৰৰ বিভিন্ন গুৰুত্বপূর্ণ ঠাইত বিয়পি পৰিছিল । তাৰ পাছতেই তেজৰ সোঁত বোৱা আৰম্ভ হয় ।

তেওঁলোকৰ আক্ৰমণৰ বলি হৈছিল মুঠ ২৮ জন বিদেশী নাগৰিকসহ ১৬৪ জন । আহত হৈও কোনোমতে ৰক্ষা পৰে ৩০৮ জন । তাৰেই এজন শ্যামসুন্দৰ চৌধুৰী ।

মুম্বাইৰ ভিলে পার্লে বস্তিৰ বাসিন্দা শ্যামে সেইদিনা পাক সন্ত্ৰাসবাদীসকলৰ বুলেটত গুৰুতৰভাৱে আহত হৈছিল । তেওঁ ৰক্ষা পৰে যদিও চলাফিৰাৰ ক্ষমতা হেৰুৱাই পেলাইছে । ১৩ বছৰ ধৰি শয্যাশায়ী শ্যামৰ স্ত্রী বেবিয়ে কয়, ‘‘মোৰ স্বামী টেক্সিচালক আছিল । সেইদিনা ডিউটিত গৈছিল । ৰাস্তা পাৰ হোৱাৰ সময়ত ছিগনেল ভাঙি অহা এখন গাড়ীৰ পৰা তেওঁক গুলি কৰা হয় । তেওঁৰ মূৰত আৰু কান্ধত গুলি লাগে । তেওঁৰ স্মৃতিশক্তিও বহু পৰিমাণে লোপ পাইছে । এতিয়া কেৱল চাব আৰু শুনিব পাৰে ।’’

চৰকাৰৰ পৰা ডেৰ লাখ টকা আর্থিক সাহায্যৰ বাহিৰে আন একো পোৱা নাই শ্যামৰ পৰিয়ালে । অৱশ্যে ৰতন টাটাৰ প্রতিষ্ঠান ‘টাটা ট্রাষ্টে’ তেওঁলোকৰ দুই সন্তানৰ দায়িত্ব লৈছে ।

কেৱল শ্যামৰ পৰিয়ালে নহয়, ২৬/১১ সন্ত্রাসত ক্ষতিগ্রস্ত বহু পৰিয়ালক এনেদৰে সাহায্যৰ হাত আগবঢ়াইছে টাটা প্রতিষ্ঠানে । ২০০৮ৰ ২৬ নৱেম্বৰত মুম্বাইত সন্ত্রাসবাদী আক্ৰমণৰ লক্ষ্য আছিল টাটা গোষ্ঠীৰ তাজমহল পেলেচ হোটেলো । সন্ত্ৰাসবাদীৰ বোমা আৰু গুলিত সেই হোটেলৰ কৰ্মচাৰী আৰু অতিথি-সহ ৩১ জন নিহত হৈছিল । বহু আহত হৈছিল । মুম্বাই সন্ত্রাসত নিহতসকলৰ স্মৃতিত ২৬ নৱেম্বৰত শোকবার্তা পঠায় টাটা কর্ণধাৰে । এইবাৰো তাৰ ব্যতিক্রম নহয় ।

বেবিৰ দৰে মুম্বাই সন্ত্রাসৰ ভুক্তভোগীসকলৰ বহুতৰ মনত এতিয়াও এটা প্রশ্ন‌ই বাহ বান্ধি আছে — আজমল কাছভৰ ফাঁচী হৈছে । কিন্তু চুবুৰীয়া দেশত খুপনি পুতি থকা প্ৰকৃত অপৰাধীসকলে শাস্তি পালে নে ?

Exit mobile version