COVID Infection : কৰ্ণাটকৰ মেডিকেল কলেজত ক’ভিডত আক্রান্ত ১৮২

1637831207 6249

এখন অনুষ্ঠানৰ পৰাই ক’ভিড বিয়পি পৰিল কৰ্ণাটকৰ মেডিকেল কলেজত । এই পৰ্যন্ত শিক্ষাৰ্থী আৰু কর্মচাৰী মিলাই ১৮২ জন ক’ভিডত আক্রান্ত হৈছে । এদিন পূৰ্বে আক্রান্তৰ সংখ্যা আছিল ৬৬ জন ।

ধাৰৱাদৰ এছডিএম কলেজ অৱ মেডিকেল ছায়েন্সেচৰ ক’ভিডত আক্রান্ত হোৱাসকল, অধিকাংশই দুটা টিকা লৈছিল । তিনিশ জনৰ পৰীক্ষা কৰাত ৬৬ জন ছাত্রসহ ১৮২ জনৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে । তেওঁলোকৰ অধিকাংশ‌ই ক’ভিডৰ লক্ষণহীন বা মৃদু লক্ষণযুক্ত । ইয়াৰ পাছতে হাস্পাতাল কর্তৃপক্ষ‌ই সিদ্ধান্ত লৈছে ছাত্র-ছাত্রী আৰু হাস্পাতালৰ কর্মীসহ প্রায় তিনি হেজাৰ জনৰ পৰীক্ষা কৰোৱাৰ । ইয়াৰে এহেজাৰ জনৰ পৰীক্ষা কৰা হৈছে । যদিও এই পৰ্যন্ত তাৰ ৰিপ’র্ট অহা নাই ।

এই সন্দৰ্ভত কৰ্ণাটকৰ স্বাস্থ্য কমিছনাৰ ডি ৰত্নদীপে কয়, ‘‘১৭ নৱেম্বৰত নৱাগত আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল । ইয়াৰ পৰাই সংক্রমণ হৈছে । আক্রান্ত শিক্ষাৰ্থীসকলৰ অধিকাংশ‌ই দুটা টিকা লৈছিল । তেওঁলোকৰ কিছুসংখ্যকৰ জিনোম ছিকোৱেন্স পৰীক্ষাৰ বাবে পঠোৱা হৈছে ।’’ আক্রান্ত শিক্ষাৰ্থীসকলক মহাবিদ্যালয়তে কোৱাৰেন্টাইনত ৰখা হৈছে । সতর্কতামূলক পদক্ষেপ হিচাপে দুখন হোষ্টেল বন্ধ কৰি দিয়া হৈছে বুলি জনাইছে হাস্পাতাল কর্তৃপক্ষ‌ই ।

কর্নাটকত প্রায় এমাহ ধৰি পাঁচশৰ তলত নামিছে দৈনিক আক্রান্তৰ সংখ্যা । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত আক্রান্ত হৈছে ৩০৬ জন । ৰাজ্যখনত সক্রিয় ৰোগীৰ সংখ্যা প্ৰায় ছহেজাৰ ।

Exit mobile version