চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ চম্পাৱতী নৈৰ দলঙৰ তলত উদ্ধাৰ অচিনাক্ত মৃতদেহ

সম্পূৰ্ণ নগ্ন অৱস্থাত অৰ্দ্ধ গলিত এজন পুৰুষৰ মৃতদেহটো চম্পাৱতী নৈৰ মাজস্থিত এনটিপিচি ৰ মেকাপ পাম্প হাউচৰ তলত পানীত ওপঙি থকা অৱস্থাত কৰ্মচাৰী সকলে প্ৰত্যক্ষ কৰে ।

মৃতদেহটো চম্পাৱতী নৈৰ সোঁতত উটি অহাৰ সন্দেহ কৰা হৈছে । আজি ৰাতিপুৱাৰ ভাগত উক্ত পাম্প হাউচত কৰ্মৰত কৰ্মচাৰী সকলে কোনো মৃতদেহ প্ৰত্যক্ষ কৰা নাছিল । ১১বাজি ৩০ মিনিটত মৃতদেহটো প্ৰত্যক্ষ কৰাত আৰক্ষীক খবৰ দিয়ে পাম্প হাউচত কৰ্মৰত কৰ্মচাৰী সকলে।

Exit mobile version