দিনটোৰ ৰাশিফল

Horoscope Today June 03 2021

মেষ : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম। সৰু-সুৰা বিৰােধী কথাত বেছি মন নিদিলে কর্মক্ষেত্ৰতাে শুভ ফল। বহুদিন ভাবি থকা সুযােগৰ আশা সমাগত যেন লাগিব। দাম্পত্যত শুভ। শুভ ৰং ক্রীম।

বৃষ : আর্থিক উন্নতিৰ ক্ষেত্ৰত যিকোনাে চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব। ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা। বাটে-পথে ফুৰােতে সতর্ক হওক। বিদ্যাত মধ্যম। শৰীৰৰ দুর্বলতা। শুভ ৰং বগা।

মিথুন :কর্তব্যত আপােনাৰ যােগ্যতা থাকিব। কোনােৰে বাস্তৱ ক্ষেত্ৰত খােজ পেলাই উপকৃত হ’ব। সৰু-সুৰা কথাত মানসিক কিছু প্রভাৱ পেলাব। বন্ধুৰ সহায় আর্থিক প্রাপ্তিৰ আশা। শুভ ৰং কমলা।

কর্কট :পূর্বদিনৰ তুলনাত আজি বহুলাংশে যােগাযােগত উন্নত। শৰীৰাে ভালে যােৱাৰ কাৰক। অৱশ্যে আপােনাৰ হুমুৰীয়া স্বাভাৱৰ দোষত শাৰীৰিকত কিছু আহুকালৰ কাৰক বিদ্যাত মধ্যম। শুভ ৰং পাতল নীলা।

সিংহ : কোনাে আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে। সহজতে যি কৰাে বুলি থিৰাং কৰিছিল তাক সম্পূর্ণ কৰাত বাধা পাব। বাকী দিশত মজলীয়া ফল দাম্পত্যত নতুন চিন্তা অৱশ্যে থাকিব। শুভ ৰং হালধীয়া।

কন্যা :কর্মক্ষেত্ৰত আপােনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনাে কাৰণে চিন্তাৰ কাৰণ হ’ব। শতভিষাৰ জাতকৰ কোনাে উন্নত যােগাযােগৰ পৰা লাভ। বিদ্যাত বেয়া নহ’ব। ভ্রমণাদিত মধ্যম। শুভ ৰং গেৰুৱা।

তুলা : কোনােৱে প্ৰৱঞ্চকৰ কবলত পৰাৰ কাৰক। সাৱধান হলে ভয় কম বিদ্যাত যত্নৰ ফল লাভ সাধাৰণ শৰীৰৰ আহুকাল অলপ। দাম্পত্যত ভালেই। কর্মাদিত উৎসাহ। ভ্রমণাদিত অমনােযােগী নহ’ব। সুনাম হ’ব।শুভ ৰং কলা।

বৃশ্চিক : ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে। হ’বলগীয়া কামত অনগ্রসৰ হােৱাৰ যােগ। মুঠতে কিছু অসুবিধাৰ কাৰক। জাত-জাতিকাৰই সাৱধান থাকিলে ভাল। শুভ ৰং নীলা।

ধনু : উন্নত দিনৰ অনুমান। যােগাযােগৰ খুব বেয়া নহ’ব। ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলাে নহ’ব। বিশেষকৈ অনুৰাধা নক্ষত্ৰৰ মানসিক শান্তি। বিদ্যাত বাধা কম। শিক্ষক বুদ্ধিজীৱীৰ সুখ। শুভ ৰং ক্রীম।

মকৰ : কৌশল আয়ত্ত, ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব। কর্মস্থানত উন্নত আশা নকৰাই ভাল।

কুম্ভ : কক্ষ চিন্তা অত্যাধিক খৰচ হলেও আয়ত্ত থাকিব। পঢ়া-শুনাত মনােযােগ লাগিব। দুষ্টৰ সংগই বিপদ আনিব পাৰে লােহ, লক্ক ইস্পাত কাঠ, কয়লা ৰসায়নত লাভ। পদমর্যাদা লাভ। শুভ ৰং হালধীয়া।

মীন : আর্থিক যােগাযােগত কিছুদিন উপকৃত তথা খৰচ। মতান্তৰ হ’ব লগা কথাত মন নিদিব। শৰীৰ মধ্যম। সৰু-সুৰা সংবাদকে গুৰুতৰ বুলি নল’ব। ভ্ৰমণত সাৱধান। নতুন সম্পদ ক্রয়। শুভ ৰং কলা।

Exit mobile version