দেশৰ ৫৪ শতাংশ নাগৰিকে নিবিচাৰে ডিজিটেল মুদ্ৰাৰ প্ৰচলন

barandbench 2020 03 4c7876cb 8959 4126 b779 9af46afc0719 Cryptocurrency

বিগত কিছুদিন ধৰি ভাৰতত ক্রিপ্টকাৰেন্সী অর্থাৎ ডিজিটেল মুদ্ৰাৰ বিষয়টোৱে বিশেষ চর্চা লাভ কৰি আহিছে। কেন্দ্রীয় চৰকাৰে দেশত ডিজিটেল মুদ্রা প্রচলন ব্যৱস্থাক নিয়ন্ত্ৰণৰ বাবে এখন বিধেয়কো সংসদৰ শীতকালীন অধিবেশনত উত্থাপন কৰাৰ কথা।

এনে পৰিস্থিতিত শেহতীয়াভাৱে অনলাইন জৰিয়তে সম্পন্ন হােৱা এক সমীক্ষাত দেশৰ ৫৪ শতাংশ নাগৰিকে ভাৰতত ডিজিটেল মুদ্ৰাৰ প্ৰচলনৰ বিৰােধিতা কৰে।

লাইন চর্কিল নামৰ সংস্থাটোৱে চলােৱা এই সমীক্ষাত ক্রিপ্টকাৰেন্সীৰ প্ৰচলনৰ সন্দৰ্ভত দেশবাসীৰ পৰা মতামত গ্রহণ কৰা হৈছিল।

সমীক্ষাটোত অংশ লােৱা ৫৪ শতাংশ ভাৰতীয়ই দেশত ক্রিপ্টকাৰেন্সীৰ প্ৰচলনৰ বিৰােধিতা কৰে। এইসকল লােকৰ মতে, দেশত ডিজিটেল মুদ্ৰাক বৈধতা প্ৰদান কৰা উচিত নহয়।

৭১ শতাংশ লােকে ক্রিপ্টকাৰেন্সীৰ প্রতি আস্থাশীল নহয় বুলিও মত ব্যক্ত কৰিছে। অৱশ্যে ৫১ শতাংশ ভাৰতীয়ই দেশৰ চৰকাৰে নিজাববীয়া ডিজিটেল মুদ্রা প্রৱর্তন কৰাটো উচিত বুলি এই সমীক্ষাত মন্তব্য কৰিছে।

মাত্র ২৬ শতাংশ লােকেহে ভাৰতত ক্রিপ্টকাৰেন্সী ব্যৱস্থা প্ৰৱৰ্তন কৰা উচিত বুলি সমীক্ষাত মত প্রকাশ কৰে।

Exit mobile version